এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰামলীলা ময়দানত শনিবাৰে অনুষ্ঠিত হয় কংগ্ৰছৰ 'ভাৰত বচাও' সমাবেশ। এই সমাবেশত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। 'ভাৰত বচাও' সমাবেশলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক কংগ্ৰেছ কৰ্মী, সমৰ্থকৰ সমাগম ঘটা পৰলিক্ষিত হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছোনীয়া গান্ধীয়ে বিজেপিক তীক্ষ্ণ বাক্যবাণেৰে আক্ৰমণ কৰে। তেওঁ কয়, 'এতিয়া দেশবাসীয়ে নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আন্দোলনত যোগ দিয়াৰ সময় আহি পৰিছে। আজি যেতিয়া মই কৃষক সকললৈ চাও, মই বৰ কষ্ট পাও। তেওঁলোকে ভাল খাবলৈ নাপায়। পানী, বিদ্যুতৰ সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। কষ্টৰে উৎপাদন কৰা ফচলৰ উচিত মূল্য তেওঁলোকে লাভ নকৰে। এনে পৰিস্থিতিত আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে প্ৰস্তুত হোৱা উচিত।'

তেওঁ কয়, 'শ্ৰমিক ভাই সকলে আজি দুবেলা দুমুঠি খাবলৈ পোৱা নাই। যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বেংকৰ পৰা লোন লৈছিল তেওঁলোকে এতিয়া হতাশাত ভূগি আত্মহত্যা কৰাৰ খবৰ প্ৰকাশ হৈছে। আপোনালোকে কওঁক, আমি এতিয়া প্ৰতিবাদ কৰিবলৈ সাজু হয়নে নহয়। যি সকল মহিলাই নিজে লঘোণে থাকি পৰিয়াল পোহপাল দিছিল, আজি তেওঁলোকে মূল্যবৃদ্ধিৰ বাবে ভাৰাক্ৰান্ত হৈ পৰিছে।'

মোডী-শ্বাহক সমালোচনা কৰি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয়, 'মোডী আৰু শ্বাহৰ এটাই এজেণ্ডা। কিদৰে মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰে তাৰেই চিন্তা কৰে তেওঁলোকে। জনতাৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰি তেওঁলোকে মূল সমস্যাসমূহৰ পৰা জনতাক দৃষ্টি আতৰাই ৰখাৰ চেষ্টা কৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in