সোণাৰীৰ প্ৰখ্যাত মুক্তিযোদ্ধা মতৰাম হাটিমূৰীয়াৰ পৰলোক…

সোণাৰীৰ প্ৰখ্যাত মুক্তিযোদ্ধা মতৰাম হাটিমূৰীয়াৰ পৰলোক…

ডিজিটেল ডেস্কঃ বিশিষ্ট মুক্তিযোদ্ধা তথা চৰাইদেউ জিলাৰ সোণাৰীৰ নিৱাসী জনপ্ৰিয় সমাজকৰ্মী মতৰাম হাটিমূৰীয়াৰ শনিবাৰে পুৱতি নিশা ৩.১২ মিনিটত নিজ বাসগৃহত মৃত্যু হয়। ৪২ৰ গণ বিপ্লৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে অগ্ৰণী যুদ্ধাৰূপে অংশগ্ৰহণ কৰা মতৰাম হাটিমূৰীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ১০৩ বছৰ। ২০১৭ বৰ্ষত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰখ্যাত মুক্তিযোদ্ধা তথা সমাজকৰ্মী গৰাকীক তেওঁৰ জীৱনজোৰা সেৱাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ সময়ত হাটিমূৰীয়া।

বাৰ্ধক্যজনিত কাৰণতে পৰলোকগমণ কৰা জনপ্ৰিয় নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদৰ লগতে অন্যান্য দল-সংগঠনে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ তপন গগৈ, কংগ্ৰেছ নেতা শৰৎ বৰকটকী, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে বিশিষ্ট মুক্তিযোদ্ধাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টাইপাৰ সভাপতি দিলীপ গগৈ আৰু প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে প্ৰেৰণ কৰা এক বিবৃতিত মতৰাম হাটিমূৰীয়াৰ মৃত্যুৱে ৰাজ্যৰ সংগ্ৰামী শিৱিৰক শোকাহত কৰা বুলি অভিহীত কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in