পঞ্চায়ত নিৰ্বাচনক লৈ সোণাপুৰত বৈঠকত মিলিত কংগ্ৰেছৰ বহু নেতা

পঞ্চায়ত নিৰ্বাচনক লৈ সোণাপুৰত বৈঠকত মিলিত কংগ্ৰেছৰ বহু নেতা

ডিজিটেল সংবাদ, গুৱাহাটীঃ পঞ্চায়ত নিৰ্বাচনক লৈ মঙলবাৰে দ্বিতীয় দিনৰ বাবে সোণাপুৰৰ দিচাং ৰিজ'ৰ্টত বৈঠকত মিলিত হয় কংগ্ৰেছৰ বহুকেইজন নেতা। বৈঠকখনত ভাগ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি কেইবাজনো নেতাই।

বৈঠকৰ পাছতে পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছ সাজু বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। লগতে চন্দন সৰকাৰে জনায় যে, উজনি অসমত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা সম্পূৰ্ণ হৈছে। তেওঁৰ মতে, নামনি অসমৰ কেইখনমান জিলাত বৰ্তমান বাকী আছে প্ৰাৰ্থীৰ তালিকা নিৰ্বাচন। অৱশ্যে বুধবাৰৰ ভিতৰত সকলো জিলাৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হ'ব বুলিও জনালে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in