নগাঁৱত মাতৃক কলং নৈত দলিয়ালে পাষাণ পুত্ৰই

কলং নৈত এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান, ইনছেটত ধৃত প্ৰমোদ আগৰৱালা
কলং নৈত এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান, ইনছেটত ধৃত প্ৰমোদ আগৰৱালা

ডিজিটেল সংবাদ, নগাঁওঃ ক'ত হেৰাই গৈছে মানৱতা? নিজ মাতৃক জন্তুৱেও নকৰে এনে ব্যৱহাৰ। নগাঁৱত সংঘটিত এক ঘটনাৰ বিষয় জানিলে আপোনাৰো চকু কঁপালত উঠিব।

নগাঁৱৰ হয়বৰগাঁৱৰ ঘটনা এয়া। পুত্ৰই মাতৃক নদীলৈ দলিয়াই দিয়া ঘটনা হয়তো আপুনি শুনা নাই। কুলাংগাৰ এক পুত্ৰই তাকেই কৰিলে বুধবাৰে নিশা। বাৰিষাৰ কলং নদীলৈ মাকক দলিয়াই দিয়াৰ দৰে কৰুণ ঘটনা সংঘটিত কৰা মানুহৰূপী এই পুত্ৰৰ নাম প্ৰমোদ আগৰৱালা (৫৫)।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৯০ বৰ্ষীয় ৰত্না দেৱী নামৰ মহিলাগৰাকী। মাতৃক আলপৈচান ধৰাৰ সলনি প্ৰমোদে নি দলিয়াই দিলে কলং নদীত।

উল্লেখ্য যে, দুমাহ পূৰ্বে মাতৃৰ চিকিসাৰ বাবে যমুনামুখৰ পৰা আহি নগাঁৱৰ মাৰোৱাৰীপট্টীত ভাৰা ঘৰ লৈ আছিল প্ৰমোদ। বুধবাৰে চিকিসকৰ ওচৰলৈ নিব বুলি মাতৃক এখন ই-ৰিক্সাৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপলৈ লৈ আনে। তাতেই আন্ধাৰৰ সুযোগ লৈ লোকজনে নিজ মাতৃক কলং নৈত গতা মাৰি পেলাই দিয়ে।

সেই সময়তে আলী হুছেইন নামৰ এজন ই-ৰিক্সা চালকে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘটনাটো পোহৰলৈ আহে। পিছত ঘটনাস্থলীত উপস্থিত হোৱা লোকসকলে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা আটক কৰে প্ৰমোদ আগৰৱালা নামৰ পাষাণ পুত্ৰক। আৰক্ষীৰ জেৰাত ধৃত প্ৰমোদে ধনৰ অভাৱৰ বাবেই এনেদৰে মাতৃক পানীত পেলাই দিবলৈ বাধ্য হৈ পৰে বুলি দাবী কৰিছে। মাতৃক নৈত গতিয়াই দি নিজেও আত্মহত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলিও লোকজনে আৰক্ষীক জনায়।

ইফালে, কলঙৰ পানী যুঁৱলিত সন্ধানহীন হৈ পৰা মহিলাগৰাকীৰ সন্ধানত SRDF-এ চলাই আছে উদ্ধাৰ অভিযান। প্ৰমোদৰ এই কাণ্ডই প্ৰতিজন হৃদয়বান লোকৰ মনত হাহাকাৰৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in