আপোনাৰ ফেচবুক-টুইটাৰত সোমাবলৈ সাজু চৰকাৰী স্পাই

আপোনাৰ ফেচবুক-টুইটাৰত সোমাবলৈ  সাজু চৰকাৰী স্পাই

ডিজিটেল ডেস্কঃ আপোনাৰ ফেচবুক আৰু টুইটাৰত যিকোনো সময়তে সোমাব পাৰে চোৰাংচোৱা। আপুনি কি কৰিছে, আপোনাৰ অজ্ঞাতে আপোনাৰ প্ৰফাইলত প্ৰৱেশ কৰি সেই তথ্য চৰকাৰক যোগান ধৰাৰ বাবে সাজু হৈছিল স্পাই ইউনিট।চৰকাৰে সেই ঠিকা দিব বিচাৰিছিল এই স্পাইগিৰি কৰা কোম্পানীক।

২০১৪ৰ পৰা ২০১৮লৈকে ৭বাৰ এনে চেষ্টা চলাইছিল খোদ কেন্দ্ৰ চৰকাৰে। ব্যক্তিগতখণ্ডৰ এই স্পাইগিৰি কৰা কোম্পানীৰ সৈতে চৰকাৰে মিলা-মিচা কৰি বহুখিনি আগবাঢ়ি গৈছে। প্ৰথম ২০১৪চনত কেন্দ্ৰ চৰকাৰে এনে কৰিবৰ বাবে এখন ব্যক্তিগতখণ্ডৰ কম্পিউটাৰ স্পাইগিৰি কৰা ফাৰ্মক এই ঠিকা দিব বিচাৰিছিল।

তাৰ পিছত শেহতীয়াকৈ এনে কামৰ বাবে ২৫ এপ্ৰিল, ২০১৮ত পুনৰ নিবিদা আহ্বান কৰিছিল চৰকাৰে। চৰকাৰৰ সেই অপপ্ৰচেষ্টা অৱশ্যে এতিয়ালৈকে সম্ভৱ হোৱা নাই।

ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়াৰ দ্বাৰা ছ'চিয়েল মিডিয়া মনিটৰিঙৰ নামত এই স্পাইগিৰি কৰিবলৈ সাজু হৈয়ো কেন্দ্ৰ কেৱল থমকি ৰ'বলগীয়া হ'ল উচ্চতম ন্যায়ালয়ৰ বাবে।

২০১৮ৰ ১৮ জুলাইত এই কথা প্ৰথম পোহৰলৈ আহে। এই সন্দৰ্ভত প্ৰথম শুনানি যোৱা শুকুৰবাৰে অনুষ্ঠিত হয় যায়। তেনে স্পাইগিৰিৰ বাবে ২০১৪ৰ ১ ডিচেম্বৰতো নিবিদা আহ্বান কৰা হৈছিল।

বিদেশ মণ্ডলে এই নিবিদাৰ আহ্বান কৰিছিল যদিও বাধা হৈ থিয় দিছে উচ্চতম ন্যায়ালয়ে। এতিয়ালৈকে ন্যায়ালয়ে দেশবাসীৰ ওপৰত এনে স্পাইগিৰিক লৈ সেউজ সংকেত প্ৰদান কৰা নাই।

ইয়াৰ পূৰ্বে ২০১৫ৰ ৩ ডিচেম্বৰত আন এক নিবিদা আহ্বান কৰিছিল তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে। পৰৱৰ্তী সময়ত ক্ৰমে ৫ ফেব্ৰুৱাৰী ২০১৬ আৰু ১০ জুলাই ২০১৭ত অনুৰূপ নিবিদা চৰকাৰে আহ্বান কৰিছিল। য'ত ছ'চিয়েল মিডিয়াত চলি থকা কোনো গতি-বিধি লক্ষ্য কৰিবৰ বাবে কোনো কোম্পানীক দায়িত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে।

এই সন্দৰ্ভত তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ৰ বিষয়-ববীয়াই এতিয়ালৈকে কোনো কথাত মুখ খোলা নাই। কিন্তু এইটো ঠিক যে ছ'চিয়েল মিডিয়াত স্পাইগিৰি কৰিবলৈ সাজু হৈছে চৰকাৰ।

যদি চৰকাৰে এনে কৰে তেন্তে আপোনাৰ ব্যক্তিগত বুলিবলৈ আৰু কোনো কথাই নাথাকিব, যিটো ছ'চিয়েল মিডিয়াৰো পৰিপন্থী নহয়। এতিয়া কেৱল চৰকাৰে অপেক্ষা কৰিছে ন্যায়ালয়ৰ  সেউজ সংকেতলৈ।

তাৰ পাছত আপুনি ছচিয়েল মিডিয়াত যি পোষ্টতেই নিদিয়ক সেয়া আপোনাৰ অজ্ঞাতে নিৰীক্ষণ কৰিব চৰকাৰে দায়িত্ব দিয়া স্পাইগিৰি কৰা কোম্পানীবোৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in