দেশৰ মুখ্য ন্যায়াধীশৰ নামতো ফেক একাউণ্ট! কি হ’ব নেটিজেনৰ ভৱিষ্যত…

দেশৰ মুখ্য ন্যায়াধীশৰ নামতো ফেক একাউণ্ট! কি হ’ব নেটিজেনৰ ভৱিষ্যত…

♦ ডি জে ধনন্তৰি

চীনৰ শেহতীয়া এটি ঘটনা। য়াং কেইলি। ২০বছৰ বয়সতে সমগ্ৰ চীনত ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৰ্জন কৰিছে বিপুল জনপ্ৰিয়তা। চীনা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত য়াঙৰ আছে ৪কোটিৰ অধিক ফলোৱাৰ। তেনেই কম বয়সতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নায়িকাত পৰিণত হোৱা য়াঙক যোৱা ১৫ অক্টোবৰত ড্ৰেগনৰ দেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় সংগীত ভুলকৈ পৰিৱেশন কৰাৰ অপৰাধত য়াঙক ৫ দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হয়।

ছ'চিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰিয়েই চীন চৰকাৰে বিগত বৰ্ষত গৃহীত কৰিছিল এখন নতুন আইন। এই নতুন আইনখনে দেশখনত ছ'চিয়েল মিডিয়াত একপ্ৰকাৰ স্তব্ধ কৰি তোলা বুলিও অভিযোগ উত্থাপিত হৈছে। চৰকাৰ তথা ৰাষ্ট্ৰ বিৰোধী কোনো পোষ্ট প্ৰত্যক্ষ কৰিলেই লগে লগে শাস্তিৰ বিধান দিয়া হৈছে নতুন চীনা আইনখনত।

বহুতে গণতন্ত্ৰক কবৰ দিয়া চীনত এনে আইন ৰূপায়িত কৰাতো তেনেই সাধাৰণ বুলিও মন্তব্য কৰিছে। পিছে সমস্যাৰ সৃষ্টি হয় তেতিয়াই যেতিয়া অহৰহ গণতন্ত্ৰৰ কথা কোৱা পশ্চিমীয়া দেশসমূহতো চীনৰ দৰেকৈ ছ'চিয়েল মিডিয়াৰ পোষ্টৰ ওপৰত ভিত্তি কৰি জেললৈ নিক্ষেপ কৰা হয়।

যোৱা ৫ বছৰত গ্ৰেট ব্ৰিটেইনত ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ৩ হাজাৰৰো অধিক। গ্ৰেট ব্ৰিটেইনতো ছ'চিয়েল মিডিয়াক লৈ সুকীয়া আইন কাৰ্যকৰী কৰা হৈছে। একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমৰ কেবাখনো দেশত ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰাৰ অপৰাধত বহু লোক আইনী মেৰপেচত সোমাই পৰিছে।

অৱশ্যে পশ্চিমীয়া দেশসমূহৰ তুলনাত ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত এছীয় দেশসমূহকেই অধিক কঠোৰ হোৱা দেখা গৈছে। চীনৰ চৰকাৰে ছ'চিয়েল মিডিয়াৰ লগতে ইণ্টাৰনটে ব্যৱহাৰৰ ক্ষেত্ৰতো যে অতি কঠোৰ সেয়া নকৈ কোৱাৰ প্ৰয়োজন নাই। ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ মূল উদ্দেশ্যই হৈছে মুক্ত কণ্ঠ। পশ্চিমীয়া গণতন্ত্ৰৰ ভেটিও সেই একেটাই হোৱা বাবে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত উক্ত দেশসমূহৰ আইনী ব্যৱস্থা যথেষ্ট উদাৰ হোৱা দেখা যায়।

বিপৰীতে চীনকে আদি কৰি এছিয়াৰ দেশসমূহত দেখা যায় ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি। ইছলামিক ৰাষ্ট্ৰসমূহৰ অধিকাংশতে চৰকাৰে নেটিজেনসকলৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰে। ইৰাক, ইৰাণ, আফগানিস্তান, পাকিস্তান আদি দেশত নেটিজেনসকলে নেট খুলি ফেচবুক-হোৱাটছএপ ব্যৱহাৰ কৰিলেও প্ৰতিটো মুহূৰ্ততে ভয়-শংকাৰ মাজেৰে মোবাইলত হাত থয়।

এই ক্ষেত্ৰত এছিয়া মহাদেশৰ দুই উদাৰ দেশ হৈছে ভাৰত আৰু বাংলাদেশ। চুবুৰীয়া বাংলাদেশৰ কথা বাদ দি আহিছো ভাৰতৰ কথালৈ। আমাৰ দেশখনত ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াই শেহতীয়াকৈ যি জনপ্ৰিয়তা অৰ্জন কৰিছে সেয়া আন্তৰ্জাতিক প্ৰেক্ষাপটতে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। দেশখনৰ প্ৰায় ৪০ শতাংশ লোকে ব্যৱহাৰ কৰে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়া।

এই মুহূৰ্তলৈকে ছ'চিয়েল মিডিয়াক লৈ ভাৰতত কোনো সুকীয়া আইন নাই যদিও পূৰ্বৰ আইনৰ জৰিয়তেই ইয়াৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰ কৰা হয়। ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াই যোৱা ৫ বছৰত সমগ্ৰ দেশখনৰ সামগ্ৰিক পৰিৱেশ সলনি কৰিছে যদিও উদ্ভৱ কৰিছে একাধিক ন ন সমস্যাৰ। এনে সমস্যাসমূহৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেয়াই বৰ্তমান চৰকাৰৰ লগতে সমগ্ৰ দেশখনৰ বাবেই বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

ভাৰতত ছ'চিয়েল মিডিয়াক লৈ উদ্ভৱ হোৱা সমস্যাসমূহৰ কাৰণ কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ হ'লে আমি বিশ্লেষণ কৰিব লাগিব ভাৰতীয়সকলৰ মানসিকতাৰ কথা। ভাৰতীয় সমাজ ব্যৱস্থাত আছে দুটা ধাৰাৰ মাজত তীব্ৰ টনা-আজোৰা। এটা ধাৰা হৈছে আধুনিকতাৰ প্ৰতি আগ্ৰহী তথা বিশ্বায়নৰ সৈতে খোজ মিলাই চলিবলৈ ইচ্ছুক। আনটো ৰক্ষণশীল। আচৰিত ধৰণে আধুনিকতাৰ প্ৰতি আগ্ৰহীসকলো ৰক্ষণশীলতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়। আনহাতে ছ'চিয়েল মিডিয়াৰ মূল অৰ্থই হৈছে মুক্ত। ফলত দুই ধাৰাৰ দ্বন্দ আৰু টনা-আজোৰাত ছ'চিয়েল মিডিয়াক লৈ সমগ্ৰ দেশখনতে যিকোনো মুহূৰ্ততে উদ্ভৱ হয় জটিল পৰিস্থিতিৰ। এনে জটিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো ভাৰতীয় আইন ব্যৱস্থা তথা প্ৰশাসনৰ পক্ষেও যথেষ্ট কঠিন হৈ পৰে।

এক কথাত ক'বলৈ গ'লে দেশখনত দিনে দিনে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী লোকৰ সংখ্যা বাঢ়িছে যদিও ছ'চিয়েল মিডিয়াক লৈ অধিকাংশ লোকেই বিশেষভাৱে অজ্ঞ। এনে অজ্ঞতাই হৈছে য'ত মানে কূটৰ ঘাই। ফেচবুক-হোৱাটছএপ কিদৰে খুলিব লাগে সেয়া নজনা লোক দেশখনত কমেই আছে, পিছে ফেচবুক-হোৱাটছএপ প্ৰকৃততে কেনেকৈ চলাব লাগে সেয়া জনা লোকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পাৰি বুলি ক'লেও ভুল নহয়।

আচৰিত ধৰণে ভাৰতত ফেচবুক ব্যৱহাৰীসকলৰ মাজৰ অধিকাংশ লোকৰে ফেচবুক একাউণ্ট ক্ৰিয়েট কৰি দিয়ে তৃতীয় ব্যক্তিয়ে। তাতোকৈয়ো আচৰিত কথা হ'ল তৃতীয় ব্যক্তিয়ে একাউণ্ট খুলি দিওতে যি পাছৱৰ্ড ব্যৱহাৰ কৰে সেই পাছৱৰ্ডকে ব্যৱহাৰ কৰে উক্ত লোকসকলে। ফলত সময়ে সময়ে সৰু-বৰকৈ বিভিন্ন আহুকালৰ সন্মুখীন হয় হাজাৰ হাজাৰ ভাৰতীয় ফেচবুক ব্যৱহাৰকাৰী। সম্পদৰ ক্ষেত্ৰত যিদৰে দেশখনত অসমতা বিৰাজমান, ইণ্টাৰনেটৰ ক্ষেত্ৰখনতো তেনেধৰণৰেই পৰিৱেশ দেখা যায়।

এফালে যিদৰে অইনে খুলি দিয়া ফেচবুক একাউণ্ট নিশ্চিন্তমনে চলাই বিপদত পৰা লোকেৰে এই দেশ ভৰি আছে, ঠিক তেনেকৈ ফেচবুক-হোৱাটছএপৰ বিষয়ে তন্ন-তন্নকৈ জানি কু-কৰ্ম সংঘটিত কৰিব পৰা লোকৰো অভাৱ নাই এই দেশত। কিছুদিন পূৰ্বে এনেধৰণৰ এক ঘটনা সংঘটিত হৈছিল অসমৰ বৰপেটাত। জিলাখনৰ এজন ছ'চিয়েল মিডিয়াৰ বিষয়ে তেনেই অজ্ঞলোকে এই জগতখনত ভৰি দিবলৈ অপাৰ আগ্ৰহী হৈ সহায় লৈছিল এজন চিনাকি লোকৰ। তাৰেই সুযোগ লৈছিল সেই লোকজনে। প্ৰৰোচনামূলক পোষ্টৰ বাবে জ্বলাই দিছিল ফেচবুক-হোৱাটছএপৰ বিষয়ে অজ্ঞ লোকজনৰ জীৱিকাৰ একমাত্ৰ সম্বল মাংসৰ দোকানখন। পিছত যেনিবা উৰহীৰ ওৰ ওলোৱাত তাতোকৈয়ো অধিক লংকাকাণ্ড হোৱাৰ পৰা ৰক্ষা পৰে।

ফেচবুক-হোৱাটছএপ অহা বাবেই দিনকাল বেয়া হ'ল। দেশখন ৰসাতলে গ'ল। বহুতেই এনে ঘটনাবোৰলৈ চাই একেষাৰে এনে মন্তব্য কৰে। পিছে এনে মন্তব্যৰ কোনো ভিত্তি নাই। ভাল লোকসকলে ছ'চিয়েল মিডিয়াক ভাল কামত ব্যৱহাৰ কৰে। বেয়া তথা কূটবুদ্ধিসম্পন্ন লোকসকলে আকৌ ছ'চিয়েল মিডিয়াক তেনে কামত ব্যৱহাৰ কৰে। কিয়নো ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াই বহু কামকে সহজ কৰি তোলে সেয়া লাগিলে ভালেই হওক বা বেয়া। যিখন সমাজত ভাল মানুহৰ সংখ্যা বেছি সেইখন সমাজত ছ'চিয়েল মিডিয়া ভাল কামত আৰু যিখন দেশত বেয়া মানুহৰ সংখ্যা বেছি সেইখন সমাজত ছ'চিয়েল মিডিয়া বেয়া কামত ব্যৱহাৰ হোৱাৰ সম্ভাৱনাই অধিক।

সুখৰ কথা এয়ে যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অতি সহজে সমাজ তথা দেশক প্ৰভাৱিত কৰিব পাৰি। গতিকে ভাল লোকসকলে ভাল কামত ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বেয়া লোকসকলকো সৎ পথলৈ ঘূৰাই আনিব পাৰে। ইতিমধ্যে অধিকাংশ লোককে এই ক্ষেত্ৰত হাতে-কামে লাগি উঠা দেখা গৈছে। অৱশ্যে এতিয়াও ছ'চিয়েল মিডিয়া প্ৰকৃততে কি সেয়া ভালদৰে নজনাকৈয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা লোকেৰে ভৰি থকা বাবেই এনে প্ৰচেষ্টা সম্পূৰ্ণৰূপে সফল হৈ উঠা নাই।

পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নামতো ফেক টুইটাৰ একাউণ্ট খুলিবলৈ ভয় নকৰা হৈছে একাংশ কূট বুদ্ধিৰ লোকে। তেনে লোকসকলে পাহৰি পেলাই যে ইণ্টাৰনেটৰ পৃথিৱীত ছ'চিয়েল মিডিয়াত একাউণ্ট খুলি কু-কৰ্মত লিপ্ত হোৱাতো যিমান সহজ, তেনে কাম কৰি ধৰা পৰাটোও অতি সহজ। কিয়নো ইণ্টাৰনেট শব্দৰ অৰ্থই হৈছে এখন বৃহৎ জাল। সেই জালত এবাৰ ভৰি থলে তাৰ পৰা সতকাই নিস্তাৰ পোৱাতো টান।

বাতৰি অনুযায়ী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নামত ফেক টুইটাৰ একাউণ্ট খুলি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে উত্তৰ প্ৰদেশৰ এজন যুৱক।@Ranjan_GogoiCJI হেণ্ডলত এই টুইটাৰ একাউণ্টটো খোলা হৈছিল ২০১৬ চনৰ জুন মাহত। দীৰ্ঘদিন ধৰি একাধিক টুইট কৰি আহিছিল যদিও এই একাউণ্টটোৰ কথা পোহৰলৈ আহে যোৱা ৫ অক্টোবৰত। মুখ্য ন্যায়াধীশৰ নামত ফেক একাউণ্ট খোলাৰ পিছতে বিষয়টো লগে লগে টুইটাৰ কৰ্তৃপক্ষক অৱগত কৰা হয়। বিষয়টো সম্পৰ্কে অৱগত হৈ টুইটাৰ কৰ্তৃপক্ষই উক্ত একাউণ্টটো তাৎক্ষণিকভাৱে ছাছপেণ্ড কৰি দিয়ে।

যি সময়ত দেশবাসীৰ অজ্ঞতাৰ সুযোগ লৈ ৰাজনৈতিক দলসমূহে ছ'চিয়েল মিডিয়াক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছে, লক্ষ লক্ষ ফেক ফেচবুক একাউণ্টেৰে কেবাটাও নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে তেনে সময়ত এই ক্ষেত্ৰখনত নতুন কোনো ভাল খবৰ আগমনৰ আশা কৰিলে সেয়া আশা হৈ থকাটোৱেই স্বাভাৱিক। ইয়াৰ মাজতে উৰাবাতৰিৰ ফলত উদ্ভৱ হোৱা একাধিক বিক্ষিপ্ত ঘটনাই ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী সৰ্বসাধাৰণসকলকো পূৰ্বতকৈ বহু পৰিমাণে সতৰ্ক হ'বলৈ বাধ্য কৰি তুলিছে। হোৱাটছএপৰ পিছতে ফেচবুকেও ভাৰতৰ বাবে সুকীয়া বিষয়াক নিযুক্তি প্ৰদান কৰিছে। টুইটাৰ, ইনষ্টাগ্ৰামেও একে পদক্ষেপকে গ্ৰহণ কৰাৰ খবৰ ওলাইছে।

সি যি নহওক, আমি আশাবাদী যে অতি শীঘ্ৰেই ভাৰতীয়সকলে ইণ্টাৰনেটৰ জগতখনত নিজকে সভ্য জাতি হিচাপে পৰিচিয় দিবলৈ সমৰ্থ হ'ব। কি ভাল কি বেয়া বুজি উঠি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ শিকিব। তেতিয়া ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত চীনৰ দৰে ছ'চিয়েল মিডিয়াক লৈ কঠোৰ আইন প্ৰণয়ন কৰাৰ কোনো প্ৰয়োজন নাথাকিব। আৰু যদিহে সেয়া নকৰি ভাৰতীয়সকলে ছ'চিয়েল মিডিয়াত সীমা চেৰাই কিছুমান নকৰিবলগীয়া কাম কৰি ফুৰে তেন্তে গণতন্ত্ৰ পাহৰি ভাৰতৰ শাসকসকলেও যে চীনৰ দৰে হৈ নপৰিব তাৰ কোনো নিশ্চয়তা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in