লোকসভাত সপক্ষে থাকিও ৰাজ্যসভাত কেবৰ ভোট কিয় বৰ্জন কৰিলে শিৱসেনাই!

লোকসভাত সপক্ষে থাকিও ৰাজ্যসভাত কেবৰ ভোট কিয় বৰ্জন কৰিলে শিৱসেনাই!

ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অব্যাহত থকা তীব্ৰ প্ৰতিবাদৰ পিছতো অৱশেষত ৰাজ্যসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক। বুধবাৰে ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষত ১২৫টা ভোট আৰু বিপক্ষত ১০৫ জন সদস্যই ভোটদান কৰে। অৰ্থাৎ পূৰ্ণ প্ৰতিবাদৰ পিছতো মাথো ২০টা ভোটৰ ব্যৱধানত বুধবাৰে গৃহীত হয় নাগৰিকত্ব সংশোধনী বিধেয়ক। এতিয়া ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই এই বিধেয়ক আইনত পৰিণত হ'ব।

ইফালে লোকসভাত বিধেয়কৰ সপক্ষত থাকিও ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভোট গ্ৰহণ পৰ্ব বৰ্জন কৰে একালৰ বিজেপিৰ মিত্ৰদল শিৱসেনাৰ সাংসদে। ভোট বৰ্জন সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কয় যে চৰকাৰে বিধেয়কখনৰ আসোঁৱাহ সন্দৰ্ভত কোনো সুদুত্তৰ প্ৰদান কৰিব পৰা নাই। সেয়ে শিৱসেনাই বিধেয়কখনৰ সমৰ্থন বা বিৰোধিতাক লৈ কোনো সিদ্ধান্ত ল'ব নোৱাৰা বুলি মন্তব্য কৰে সঞ্জয় ৰাউটে।

শিৱসেনাৰ নেতাগৰাকীয়ে কয়, 'আমি এয়া কোৱা নাই যে শৰণাৰ্থীসকল নাগৰিকত্ব প্ৰদান কৰিব নালাগে। তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিব লাগে। কিন্তু যদি এয়া ভোট বেংক আৰু ৰাজনৈতিক লাভৰ বাবে বুলি অভিযোগ উত্থাপন হয়, তেন্তে তেওঁলোকক ২৫ বছৰৰ বাবে ভোটদানৰ অধিকাৰ প্ৰদান কৰা অনুচিত।'

তেওঁ পুনৰ কয়, 'দ্বিতীয়তে আৰু এটা কথা, যদি আপুনি ভাৰতৰ জনসংখ্যা আৰু সম্পদৰ দিশলৈ চায়, তেন্তে কিমান জনক আপুনি ভাৰতলৈ আনিব পাৰিব? আনহাতে চৰকাৰে শ্ৰীলংকাত থকা তামিল হিন্দুসকলক লৈ গ্ৰহণ কৰা স্থিতিও স্পষ্ট কৰা নাই। এনে বহু বিষয় এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগত জড়িত হৈ আছে, যিবোৰ অস্পষ্ট হৈ আছে। সেয়ে আমি ভোট বৰ্জন কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in