শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক…

শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক…

ডিজিটেল সংবাদ, শিৱসাগৰঃ বুধবাৰে এক গোপন সূত্ৰৰ পমখেদি শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে তিনিজন যুৱকক। আটক কৰা তিনিজন যুৱকৰ পৰা বহুকেইটা ব্ৰাউন ছুগাৰৰ পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰত। নাগালেণ্ডৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ পিছত এতিয়া শিৱসাগৰ জিলা ড্ৰাগছৰ ঘাটি হিচাপে পৰিগনিত হৈছে।

বুধবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীৰ এটা দল চহৰৰ গনকপট্টী তিনি আলিৰ স্কাইচেফ হোটেলৰ সন্মুখত ৰৈ থকা অৱস্থাত গনকপট্টীৰ দিশৰ পৰা আহি থকা এ এছ ০৪ কিউ ৩৫৭১ নম্বৰৰ ৰঙা ৰঙৰ এল্ট' গাড়ীখন আগ ভেটি ধৰি ৰখাই। তিনি আৰোহীৰ সৈতে গাড়ীখন আৰক্ষীয়ে তালাচী চলায় আৰু গাড়ীৰ পৰা কেইবা পেকেট ড্ৰাগছ উদ্ধাৰ কৰে। আৰক্ষীয়ে যুৱক কেইজনক আটক কৰি থানালৈ লৈ যায়।

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বিহুবৰৰ পৰা নিয়ন্ত্ৰিত হৈ আছে এই ড্ৰাগচৰ বেহা। এই অসাধু চক্ৰটোৱে বিভিন্ন এজেন্টৰ জৰিয়তে ড্ৰাগছ সেৱনকাৰীক যোগান ধৰে নিষিদ্ধ ড্ৰাগছ। জানিব পৰা মতে, বিহুবৰৰ পৰা চূনপূৰা পৰ্যন্ত আহি এই এজেন্টে ড্ৰাগছ যোগান দি যায়হি।

বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে আটক কৰা তিনি যুৱক ক্ৰমে অংকুৰজ্যোতি বৰুৱা আৰু মানৱজ্যোতি গগৈ আৰু জেঙনীকটীয়াৰ তৌফিক শ্বাহে বিহুবৰৰ এজেন্টৰ পৰা চূনপূৰাত ড্ৰাগছ সংগ্ৰহ কৰি উভতি আহিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in