শিৱসাগৰত সুৰাসক্ত আৰক্ষী জোৱানৰ বাহনৰ খুন্দাত যুৱকৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি…

শিৱসাগৰত সুৰাসক্ত আৰক্ষী জোৱানৰ বাহনৰ খুন্দাত যুৱকৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি…

ডিজিটেল ডেস্কঃ শিৱসাগৰত সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ ভাগত ঘৰৰ পৰা বিস্কুট আনিবলৈ যোৱা এজন যুৱকক আৰক্ষীৰ এখন বাহনেৰে মহতিয়াই লৈ যোৱাত নৱজ্যোতি ফুকন নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যু হয় নৱজ্যোতি ফুকনৰ।

যুৱকজনৰ মৃত্যুৰ পাছতে পৰিয়াল আৰু স্থানীয় লোকে যুৱকজনৰ নশ্বৰ দেহ লৈ শিৱসাগৰ সদৰ থানাত উপস্থিত হয়হি। দুৰ্ঘটনা সংঘটিত কৰা ৱেগ'নাৰ বাহনখনৰ চালক গৰাকীক শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় উত্তেজিত লোকৰ। আৰক্ষীয়ে কোনোমতে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এই শোকাৱহ পথ দুৰ্ঘটনাৰ পাছত শিৱসাগৰ চহৰতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

জানিব পৰা মতে, ঘৰৰ পৰা বাইক লৈ বিস্কুট আনিবলৈ গৈ দোকানৰ সমুখত বাইকৰ পৰা নামোতেই যুৱকজনক এএছ ০১বিডি ৫৭৩০ নম্বৰৰ এজন আৰক্ষীয়ে চলোৱা ৱেগ'নাৰ বাহনখনে মহতিয়াই নিয়ে। আৰক্ষী জোৱানজনৰ নাম প্ৰদীপ দাস। স্থানীয় লোকে অভিযোগ কৰা মতে বাহনখনৰ ভিতৰৰ পৰা সুৰাৰ বটলো উদ্ধাৰ কৰা হৈছে।

ৰাইজে সুৰাসক্ত অৱস্থাত আৰক্ষী জোৱানজনে গাড়ী চলোৱাৰ বাবেই এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে। আৰক্ষীয়ে প্ৰদীপ দাসক ইতিমধ্যে আটক কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in