শিৱসাগৰৰ  স্বয়ম্ভূ সেনা মেজৰ প্ৰীতম কুমাৰ  বৰুৱা হ’ল কাৰাগৰৰ আলহী… 

শিৱসাগৰৰ  স্বয়ম্ভূ সেনা মেজৰ প্ৰীতম কুমাৰ  বৰুৱা হ’ল কাৰাগৰৰ আলহী… 

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ভাৰতীয় সেনাৰ মেজৰ পৰ্যায়ৰ বিষয়া  , শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তর্গত  আমগুৰি দেওধাই গাঁওৰ  প্ৰয়াত নৰেন্দ্ৰ বৰুৱাৰ পুত্ৰ  প্ৰীতম কুমাৰ  বৰুৱাৰ শেষ আশ্ৰয় হল ধেমাজি জিলা কাৰাগাৰৰ বন্ধ কোঠৰী।   শিৱসাগৰ জিলাৰ  ডিমৌ থানাৰ অন্তৰ্গত ডিমৌ নিতাই নাওজান গাঁওৰ  শিক্ষিত নিবনুৱা পলাশ প্ৰতিম সন্দিকৈৰ অভিযোগৰ ভিত্তিত এইজন  স্বয়ম্ভূ সেনাৰ শীর্ষ বিষয়া এতিয়া দৈব্য দুৰ্বিপাকত পৰি এনে দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা মৰ্মান্তিক পৰিস্থিতিৰ উদ্ভৱ হৈছে।  ঘটনাৰ বিবৰণি অনুসৰি  নিজকে ভাৰতীয় সেনাৰ মেজৰ হিচাবে জাহিৰ কৰি এইজন  স্বয়ম্ভূ  সেনা বিষয়া, প্ৰতাৰক ,প্ৰবঞ্চক প্ৰীতম কুমাৰ বৰুৱাই  সহজলভ্য ধনৰ  লোভত পৰি  শিৱসাগৰ জিলাৰ ডিমৌ নিতাই নাওজান গাঁওৰ পলাশ প্ৰতিম  সন্দিকৈ(২২)ক চাকৰিত মকৰল কৰি দিয়াৰ প্ৰলোভন দি দাবী কৰিছিল প্ৰায় ৪ লাখ টকা। ইতিপূৰ্বে তিনিলাখ টকা  পলাশ প্ৰতিম  সন্দিকৈৰ পৰা  কুক্ষীগত কৰা স্বয়ম্ভূ মেজৰ প্ৰীতমে বুধবাৰে গোগামুখত বাকী থকা ১লাখ টকা  দিয়াৰ বাবে যুৱকজনক দাবী জনাইছিল।  

দাবীকৃত  টকা সংগ্ৰহৰ বাবে গোগামুখত উপস্থিত হোৱাত প্ৰতাৰক , প্ৰবঞ্চক  সেনা বিষয়াটোৰ দাবীৰ ভিত্তিত   একলাখ টকা লৈ গোগামুখত উপস্থিত হৈছিল পলাশ প্ৰতিম। দাবীকৃত  ধন  সংগ্ৰহ কৰি যোৱাৰ সময়তে  পলাশৰ সন্দেহ হোৱাত  কেইজনমান যুৱকৰ সৈতে মিলিত হৈ প্ৰীতমক আবদ্ধ কৰি সোধা পোছা কৰে। এই সন্দৰ্ভত গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  মনোৰঞ্জন শইকীয়াৰ অৱগত হোৱাত  আৰক্ষী বিষয়া গৰাকী ক্ষীপ্ৰতাৰে  গৈ আটকাধীন ঠগ প্ৰবঞ্চকটোক  কৰায়ত্ব কৰি থানালৈ  আনে।

পাছত প্ৰবঞ্চনাৰ বলি হোৱা  যুৱকজনে  গোগামুখ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত পঞ্জীভূত গোচৰ( নং – ১৮৬/২০২১) ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪১৯ /৩৮৫  ধাৰাৰ অধীনত  স্বয়ম্ভূ সেনা বিষয়াটোক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে  আৰু ধেমাজি জিলা ন্যায়িক আদালতত হাজিৰ কৰি  ন্যায়িক জিম্মালৈ প্ৰেৰণ  কৰে । এইটো অৰ্থলোভী প্ৰবঞ্চকে   ৰাজ্যখনৰ একাধিক নিবনুৱাক এনে প্ৰলোভনেৰে প্ৰবঞ্চনাৰ জালত পেলাই  সৰ্বশ্ৰান্ত কৰাৰ আশংকা কৰা হৈছে । আৰক্ষী বিষয়া শইকীয়াৰ তৎপৰতাৰ বাবেই প্ৰবঞ্চকটো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত প্ৰবঞ্চিত এজাহাৰকাৰী যুৱকজনৰ লগতে গোগামুখবাসীয়ে  আৰক্ষী বিষয়া গৰাকীৰ শলাগ লৈছে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in