শিৱসাগৰত হিন্দু ধৰ্মৰ লোকৰ নশ্বৰ দেহ শ্মশানলৈ কান্ধত নিলে ইছলাম ধৰ্মাৱলম্বী লোকে

শিৱসাগৰত হিন্দু ধৰ্মৰ লোকৰ নশ্বৰ দেহ শ্মশানলৈ কান্ধত নিলে ইছলাম ধৰ্মাৱলম্বী লোকে

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ ঐতিহাসিক দৰবাৰ ৰোডৰ ইছলাম ধৰ্মাৱলম্বী লোকে শনিবাৰে এগৰাকী হিন্দু ধৰ্মৰ লোকৰ মৃতদেহ সৎকাৰ কৰি সম্প্ৰিতীৰ এক নিৰ্দশন দাঙি ধৰে। শনিবাৰে আবেলি প্ৰায় ৪ বজাত নিজৰ জী জোঁৱাইৰ ঘৰৰ সমীপত বাস কৰা নবীন চন্দ্ৰ ভট্টাচাৰ্য নামৰ লোকজনৰ মৃত্য হৈছিল এটা আৱাস গৃহত। তেখেতৰ প্ৰকৃত ঘৰ আছিল নামতি ৰে'ল ষ্টেচনৰ সমীপত। নবীন চন্দ্ৰ ভট্টাচাৰ্য ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছিল আৰু তেওঁৰ পত্নী নাগালেণ্ডৰ সমবায় বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া আছিল।

কৰ্মসুত্ৰে দুই পুত্ৰ বাহিৰত থকা অৱস্থাত তেওঁলোকৰ একমাত্ৰ কন্যা স্বপ্নালী ভট্টাচাৰ্য যোৱা ডেৰ দশকৰ পূৰ্বে দৰবাৰ ৰোডৰ এটা ইছলাম ধৰ্মালম্বী পৰিয়ালৰ সন্তান ইকবাল জাহিৰ উৰফে ইকুৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ সময়ৰ পৰা আজিলৈকে দুয়োটা পৰিয়ালৰ মাজত কোনো বিভেদ নাছিল।

পুত্ৰ কৰ্মসুত্ৰে দূৰত থকাৰ বাবে নবীন চন্দ্ৰ ভট্টাচাৰ্য আৰু তেওঁৰ পত্নীক জোৱায়েক ইকবালে নিজৰ ঘৰলৈ লৈ আহে আৰু দুয়োকে নিজৰ ঘৰৰ পিছফালে আন এটা সুকীয়া ঘৰত থাকিবলৈ সুবিধা কৰি দিয়ে যদিও কন্যা স্বপ্নালী আৰু জোঁৱায়েক ইকবালে শহুৰ শাহুৰ খোৱা বোৱাৰ পৰা ধৰি সকলো কামৰ পৰিচাৰ্য কৰে।

এনে সময়তে শনিবাৰে পুৱতি নিশা নবীন চন্দ্ৰ ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰে। নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ পাই দৰবাৰ ৰোডৰ সকলো ইছলাম ধৰ্মালম্বী লোকে মছজিদৰ পৰা ফজৰৰ নামাজ পঢ়ি হাতে হাতে দা কটাৰী লৈ চাঙি নিৰ্মাণ কৰি মৃত নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ শেষকৃত সম্পন্ন কৰিবলৈ ওলাই আহে। আৰু ভট্টাচাৰ্যৰ পুত্ৰৰ লগতে পৰিয়ালৰ সকলোকে খবৰ দিয়ে। গুৱাহাটীত থকা পুত্ৰ আহি পোৱাৰ পূৰ্বেই ইছলাম ধৰ্মালম্বী লোক সকলে শেষকৃত বাবে প্ৰয়োজনীয় সকলো কামকাজ সম্পন্ন কৰে। বিয়লি পুত্ৰ আহি পোৱাত সকলো লোকে নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ নশ্বৰ দেহ চাঙীত তুলি থানামুখৰ শান্তিবন শ্মশানলৈ লৈ যায় আৰু শেষকৃত সম্পূৰ্ণ হোৱালৈকে উপস্থিত থাকে।

যি সময়ত একাংশ ৰাজনৈতিক নেতাই ক্ষমতা লাভৰ নগ্ন যুঁজত অৱৰ্তীন হৈ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰিতী বিনিষ্ট কৰাৰ বাবে অহৰহ প্ৰচেষ্ঠা অব্যাহক ৰাখিছে, সেই সময়তেই শিলসাগৰত ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মাৱলম্বী লোকৰ নশ্বৰ দেহ অতি আন্তৰিকতাৰে কান্ধত কঢ়িয়াই নি শেষকৃত সম্পন্ন কৰাৰ কাৰ্য নিসন্দেহে ইতিবাচক আৰু প্ৰশংসনীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in