শিৱসাগৰৰ আৰলিন বেগমলৈ ২০১৯বৰ্ষৰ অসম সুন্দৰী মিছ টীন খিতাপ

শিৱসাগৰৰ আৰলিন বেগমলৈ ২০১৯বৰ্ষৰ অসম সুন্দৰী মিছ টীন খিতাপ

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জাঁজী আমগুৰিৰ আৰলিন বেগমে লাভ কৰিলে মিছ টীন, ২০১৯ অসম সুন্দৰী খিতাপ। নতুন দিল্লীৰ গুৰগ্ৰামস্থিত হোটেল ব্ৰিচটল'ত যোৱা ১৮ জুনত অনুষ্ঠিত হোৱা মিছ ইণ্ডিয়া হোমমেকাৰ ২০১৯ আৰু কুইন ইউনিভাৰ্ছ প্ৰতিযেগিতাত অংশ গ্ৰহণ কৰি অসমৰ চাৰিগৰাকী প্ৰতিযোগীয়ে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে তত্বাৱধায়ক তথা মিলেনিয়াম কুইন ইউনিভাৰ্ছ, ২০১৯ বিজয়ী কিৰণ বড়োৱে। সংবাদমেলত তেওঁ কয়, উক্ত প্ৰতিযোগীতাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও জাপান, কোৰিয়া আৰু ছামহাইৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।

তেখেতৰ তত্বাৱাধানত অসমৰ ভিতৰুৱা অঞ্চল কোকৰাঝাৰ, বিজনী, কাশীকাটৰা, লখিমপুৰ, বোকাখাত, শিৱসাগৰ আদি স্থানৰ পৰা মুঠ এঘাৰগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত ছুইটী গয়াৰীয়ে মিছ ইণ্ডিয়া, শিৱসাগৰৰ আৰলিন বেগমে মিছ টীন, আনন্দিতা দাসে মিছেছ খিতাপ আৰু ডেইজী বসুমতাৰীয়ে কুইন ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে। আনহাতে দীয়াশ্ৰী ৰাজবংশীয়ে লিটুল প্ৰিন্সেছ, জেউটি দাসে প্ৰথম ৰানাৰ আপৰ সন্মান লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in