দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি, নিশাই গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক…

দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি, নিশাই গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক…
  • সোমবাৰে কা'ক লৈ উত্তৰ পূৱ দিল্লীৰ বহুকেইটা অঞ্চলত সংঘটিত হোৱা ঘটনাত মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি।
  • ইয়াৰ মাজত আছে আৰক্ষী কনিষ্ঠবলো।
  • সোমবাৰে হিংসাৰ পিছত উত্তৰ পূৱ দিল্লীৰ বহুকেইটা এলেকাত ১৪৪ধাৰা জাৰি কৰা হৈছে।
  • দিল্লী চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে উপদ্ৰৱ চলা এলেকাত বন্ধ থাকিব চৰকাৰী স্কুল।
  • নিশালৈকে আহতৰ সংখ্যাই অতিক্ৰম কৰিছিল ১৬০ৰো অধিক সংখ্যা।
  • দিল্লীৰ পৰিস্থিতিক লৈ নিশা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • এই বৈঠকত উপস্থিত থাকে দিল্লীৰ আয়ুক্ত, গৃহ সচিব তথা অন্যান্য উচ্চ পদস্থ বিষয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in