জ্যোতি, বিষ্ণু,ভূপেন্দ্ৰ সংগীত- নৃত্যৰে জীপাল ছিপাঝাৰ জাতীয় বিদ্যালয়…

জ্যোতি, বিষ্ণু,ভূপেন্দ্ৰ সংগীত- নৃত্যৰে জীপাল ছিপাঝাৰ জাতীয় বিদ্যালয়…

ডিজিটেল সংবাদ, ছিপাঝাৰঃ সুধাকন্ঠ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা- জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, নৃত্যৰে জীপাল হৈ পৰিল জাতীয় বিদ্যালয়, ছিপাঝাৰৰ বাৰ্ষিক গীত – মাতৰ গধূলি অনুষ্ঠান । ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ পাৰ ভঙা উচাহৰ মাজত ভিন্নৰঙী অনুষ্ঠানৰ সমাহাৰেৰে উদ্ভাসিত হৈ পৰিল জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণ।

উল্লেখ্য যে মঙলবাৰে বিয়লিৰ পৰা অনুষ্ঠিত জাতীয় বিদ্যালয় খনৰ গীত মাতৰ গধূলি অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে ৰুদ্ৰকান্ত নাথে ডo ভূপেন হাজৰিকা, দিলীপ কলিতাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মনোজ কুমাৰ বৰুৱাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,ৰেহেনা বেগমে লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰমা ডেকাই হেমাংগ বিশ্বাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকাই মঞ্চ উদ্বোধন কৰে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ময়ুৰাক্ষী ভট্টাচাৰ্য্য, ছাত্ৰী জিন্টিমণি নাথ আৰু ছাত্ৰ কঙ্কন নাথে আঁত ধৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলে জ্যোতি- বিষ্ণু- ভূপেন্দ্ৰ সংগীত – নৃত্য লোকগীত, দেওঁধনী নৃত্য, সত্ৰীয়া নৃত্য, ছিয়া গীত, জিকিৰ, দিহানাম,ভোৰতাল নৃত্য, হুঁচৰি, ঝুমুৰ, বিয়ানাম, দূৰ্গানৃত্য, মাটি আখৰা নৃত্য, নাঙেলী গীত, খোলবাদন, ঢেপাঢোল আদি পৰিবেশন কৰি কাতিৰ হিমসনা সন্ধিয়াটি জীপাল কৰি তোলে ।

এই অনুষ্ঠানতেই বিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভাৱে পাৰদৰ্শিতাৰ পৰিচয় দিয়া কৃতী ছাত্ৰ-ছাত্ৰী সকলক হলিৰাম নাথ চহৰীয়া, হেডমাষ্টৰ বীৰেশ্বৰ শৰ্মা শৈক্ষিক ন্যাসৰ লগতে জাতীয় বিদ্যালয় বৃত্তি আৰু অন্যান্য পুৰষ্কাৰ আগবঢ়োৱা হয়।

তদুপৰি বিদ্যালয় খনৰ পৰা এই বেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ, ডিষ্টিংচন আৰু বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰা হয়। আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপষ্ঠিত থাকি স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিদ্যালয় খনৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ লগতে বিদ্যালয়ৰ মূল মঞ্চটি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in