শেহতীয়া খবৰ
ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...

ছিপাঝাৰৰ আঠিয়াবাৰীত অনুষ্ঠিত ভোগালী বিহু উৎসৱত খেল-ধেমালিৰ আনন্দ…

ডিজিটেল সংবাদ, ছিপাঝাৰ: ছিপাঝাৰৰ আঠিয়াবাৰীত এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ভোগালী উৎসৱ । শুকুৰবাৰে পুৱা আঠিয়াবাৰী ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি যদুমনি নাথে বিহুৰ পতাকা উত্তোলন কৰাৰ পিচতে অনুষ্ঠিত কৰা হয় বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতা ।

ভোগালী বিহুৰ লগত সংগতি ৰাখি পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰা হয় মনযোগী খেল, মেজিক চেয়াৰ, কুকুৰা যুজঁ, দৌৰ, দীঘল জাপ, ওখ জাপ, যাঠি দলিওৱা, গধুৰ বস্তু দলিওৱা, মাল যুজ, বুঢ়াৰ দৌৰ, পাঞ্জা আদিৰ লগতে মিঠাতেল সানি পিছল কৰি থোৱা কলগছ বগোৱাৰ প্ৰতিযোগিতা। বিশেষ আকৰ্ষণীয় এই কলগছ বগোৱা প্ৰতিযোগিতাত হৰেকৃষ্ণ নাথে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি