চিন্তন-৭/ ক’ভিদ আৰু “Songbird”…

চিন্তন-৭/ ক’ভিদ আৰু “Songbird”…

সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি বিষয়ত বিজ্ঞজনৰ দৃষ্টিভংগীৰে দিব পাৰে নতুন দিশৰ সন্ধান। গুৰুত্বপূৰ্ণ বিষয়ৰ চিন্তাকৰ্ষ লিখনিৰে সমৃদ্ধ এই শিতান। তেওঁলোকৰ অধ্যয়ন, যুক্তি তথা ব্যাখ্যাৰে গতানুগতিক ধাৰাৰ বিপৰীতে সুক্ষ্ম পৰ্যবেক্ষণৰ কচৰৎ এইয়া। অসমীয়া প্ৰতিদিনৰ 'চিন্তন' শিতানত বিশিষ্ট লেখক তথা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান IPS পল্লৱ ভট্টাচাৰ্য্যৰ এই লেখা।

আমেৰিকাৰ ৰোমাঞ্চকৰ কল্পবিজ্ঞান চলচিত্ৰ 'Songbird'এ২০২৪ চনত কভিদ-১৯ ভাইৰাছ কভিদ-২৩লৈ ৰূপান্তৰিত ( মিউতেত্)হৈ জগতক অতিমাৰীৰ চতুৰ্থ বৰ্ষৰ অভিজ্ঞতা প্ৰদান কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহে তেতিয়া চেলফোনৰ জৰিয়তে শৰীৰৰ উত্তাপ লৈছে যি নতুন SOPৰ মতে বাধ্যতামূলক ;যিসকল কভিদ-২৩ৰ দ্বাৰা আক্ৰান্ত তেওঁলোককQ-জʼন নামেৰে কভিদ-কন্চেন্ত্ৰেচন কেম্পত ৰখা হৈছে। তেনে পৰিস্থিতিত ঘটা বিভিন্ন ঘটনাৰ ­­­­­­ চিনেমাখনৰ কাহিনী। কভিদ- ১৯ কালক্ৰমত গৈ কভিদ-২৪লৈ ৰূপান্তৰিত হোৱাইমানবজাতিক কভিদৰ লগত সহবাস কৰাৰ পৰিস্থিতিকে সূচাইছে।স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰʼ চান্সেজৰ ইউৰুপৰ দেশসমূহক কৰা ১০ জানুৱাৰীৰ আহ্বানে এইক্ষেত্ৰত যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

চেলুলয়দৰ পৰা এতিয়া বাস্তবজগতলৈ অহা যাওক।মানবজাতিৰ ক্ৰমবৰ্দ্ধমান উন্নতিৰ লগে লগে কিছু অন্তৰ্নিহিত কাৰকে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাতো দৃষ্টিগোচৰ হৈছে। আমাৰবৰ্তমানৰ বিকাসৰ যি ধৰা সি ক্ৰমবদ্ধমান বন নিধন আৰু জৈব বৈচিত্ৰৰ বিনাশৰ পক্ষপাতী। লগতে ত্বৰাম্বিত নগৰিকৰণ, বৃস্তিত পশুপামৰ আবিৰ্ভাব আৰু গোলকীয় যাত্ৰাৰ বিশাল প্ৰসাৰে প্ৰাণীৰ পৰা হোৱা ভাইৰাছ মানৱজাতিৰ আতিথ্যকোষলৈ ভয়াবহৰূপে সংক্ৰমন কৰাতো অতিসহজ হৈ পৰিছে। সেয়েহে বিজ্ঞানী আৰু জনস্বাস্থ্য বিশেষজ্ঞ সকলে বহুদিনৰ পৰা মানবজাতিক কিছু বিশেষ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা সম্পৰ্কে সতৰ্কবানী কৰি আহিছিল।পৃথিবীৰ চৰকাৰৰসমূহৰ এই সাৱধানবাণী গুৰুত্বসহকাৰেনললে।

বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে Variants of Concern-VOC (উদ্বেগৰ ৰূপান্তৰ),Variants of Interest-VOI (স্বাৰ্থ ৰূপান্তৰ), Variant of High Consequences – VOHC ( অতি পৰিণতি ৰূপান্তৰ) আৰু Variants being Monitored-VBM (পৰ্যবেক্ষণ কৰা ৰূপান্তৰ) সম্পৰ্কে তেওঁলোকৰ ৱেবছাইতত বিশেষকৈ আলোচনা কৰিছে। আমাৰ সীমিত অধ্যয়ণৰ বাবে এইতো জনা জৰুৰী যে এই ভাইৰাছৰ ক্ষণে ক্ষণে ৰূপান্তৰ হোৱাৰ সম্ভাৱনা অতি বেছি- সেয়েহে আমি কোভিদৰ আদিৰ পৰা বৰ্তমানলৈকে আল্ফা, বীতা, গামা, দেল্তা , অমিক্ৰণ, চাইপ্ৰাচৰ দেল্তাক্ৰণ আদি ৰূপান্তৰসমূহৰ বিষয়ে অবগত হৈছো। ইয়াৰ পিছত সময়ৰ অগ্ৰগতিৰ লগে লগে আৰু বিভিন্ন ৰূপান্তৰৰ আগমন আৱশ্যম্ভাবী।

ক'ৰ'না ভাইৰাচৰ বিবৰ্তন প্ৰথমে ১৯৬৫ চনত সাধাৰণ পানীলগা হিচাবে আৰম্ভ হৈছিল। পিছৰ দশকত মানব আৰু প্ৰাণীজগতৰ পৰা উদ্ভব হোৱা কিছু ভাইৰাছৰ গোটৰ আবিস্কাৰ হʼল।SARS কভিদ ২০০২ চনত দক্ষিণ চীনত উদিত হৈ ২৮ খন দেশলৈ বিয়পি পৰিছিল;জুলাই ২০০৩ পৰ্যন্ত ৮০০০ ব্যক্তি আক্ৰান্ত হৈছিল আৰু ৭৭৪ জন মৃত্যুৰ সন্মুখীন হৈছিল। MERS চৌদী আৰবত ২০১২ চনত হৈছিল আৰু আক্ৰান্ত হোৱা ২৫০০ মামলা মধ্য প্ৰাচ্যৰ বা তালৈ ভ্ৰমন কৰা ব্যক্তিৰ মাজত হৈছিল। যদিও এই ভাইৰাছৰ বৈশিষ্ট কম সংক্ৰমণ তথাপিও ৮৫৮ ব্যক্তিৰ মৃত্যুৱে ইয়াৰ ভয়াবহতা প্ৰতিপন্ন কৰিলে।

ভাৰত চৰকাৰে কভিদ অতিমাৰীৰ ব্যৱস্থাপনাৰ বাবে পাঁচ প্ৰকাৰৰ কৌশল অবলম্বন কৰিছে-পৰীক্ষণ (Testing), যোগাযোগ ট্ৰেসিং (Contact Tracing), চিকিৎসা (Treatment), কভিদ-উপযুক্ত আচৰণ (Covid appropriate behaviour) আৰু টিকাকৰণ(Vaccination)।কিন্তু চৰকাৰৰ এই নীতিসমূহৰ কিছু দোষ ক্ৰমাগতভাবে দৃষ্টিগোচৰ হʼল।এই ৰোগ নিৰাময়ৰ বাবে লোৱা চৰকাৰৰ ব্যৱস্থাবোৰ বহুসময়ত বৈজ্ঞানিক নিয়মেৰে নিস্পত্তি নকৰাৰ অভিযোগ উত্থাপন হৈছে।উল্লেখযোগ্য বিন্দুসমূহ-১) কোনো সকিয়নী নিদিয়াকৈ ২৪-৩-২০২০ৰ সকলো ক্ষেত্ৰত কৰালকদাউন ২) জনগণৰঅতি কম পৰিক্ষণ ৩) দেশৰ বিভিন্ন প্ৰান্তত অভিবাসী শ্ৰমিকৰ দুৰ্দ্দশা ৪) মৃতকৰ সংখ্যা কম কৰি দেখুওৱা ৫) নিবনুৱাৰ সংখ্যা বৃদ্ধি ৬) দেশৰ অৰ্থনৈতিক অৱস্থাৰ বিস্তৰ ক্ষতি আৰু সমান্তৰালভাবে চৰকাৰৰ বিফলতা ৭) টিকাকৰণৰ ব্যৱস্থা জনগণৰ কল্যাণৰ পৰীপন্ঠী হোৱা ৮) দেশৰ নাগৰিকক টিকাকৰণৰ কৰাৰ আগেয়ে বিদেশলৈ টিকা পঠিওৱা ৯) কভিদ ব্যৱস্থাৰ ৰাজনীতিকৰণ আৰু ফলস্বৰূপে উদ্ভৱ হোৱা বিকৃত পৰিস্থিতি।

ইয়াৰ বাহিৰেওকভিদসম্পৰ্কীয় প্ৰায়বোৰ ব্যৱস্থাৰ অতিমাত্ৰিক কেন্দ্ৰীয়কৰণআৰু ৰাজ্য চৰকাৰৰ মতামত নোলোৱা ব্যৱস্থা, স্বাস্থ্যখন্দত আৰু মানব সম্পদত অপৰ্যাপ্ত বিনিয়োগ, কেইবাতাও সংকটপূৰ্ণ ক্ষেত্ৰত চৰকাৰে কৰা বিলম্ব, চৰকাৰীস্ফীত পেকেজৰ ঘোষণাৰ পিছতো সাহাৰ্য্য ব্যৱস্থাত স্থান কাল পাত্ৰ ভেদে কৰা কাৰ্পণ্য আদিয়েই প্ৰধান। Centre for Budget Governance and Accountability (CBGA) 2020 ৰ তথ্যমতে অতি কম পুঁজি (০.০৪% GDPৰ) চৰকাৰে মোকলাই দিছিল আৰু তাৰ কেবল আধা অংশ ৰাজ্যসমুহক স্বেচ্ছাচাৰীভাবে বিতৰণ কৰা হৈছিল।ৰাজ্যসমুহৰ সম্পদৰ বেচৰকাৰীকৰণ আৰু মাটি, শ্ৰম আৰু পৰিবেশ সম্পৰ্কীয় ব্যৱস্থাৰ শিথিলকৰণ, চৰকাৰী নীতি প্ৰতিক্ৰিয়াত থকা শ্ৰেণী, জাতি আৰু লিঙ্গ বৈষম্য, গণতান্ত্ৰিক অধিকাৰ আৰু ভিন্নমতবাদক কঠোৰ হাতেৰে দমনকো বহুতে সমালোচনা কৰিছিল।ক্ষেত্ৰবিশেষেচৰকাৰৰ সীমাবদ্ধতা আৰু ৰাজনীতিকৰণৰ প্ৰভাব মনত ৰাখিও, সকলোৰে বাবে, যদি এই আসোঁৱাহসমূহৰআন্তৰিকভাবে বিমোচন কৰা যায় ই দেশৰ বাবে মঙ্গল।\

উল্লেখযোগ্য যেইউৰুপৰ প্ৰায়বিলাক প্ৰদেশ বৰ্তমান অতিসংক্ৰমিত অমিক্ৰন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।সেই দেশসমূহৰ অতি উন্নত স্বাস্থ-পৰিচৰ্য্যাৰ ব্যৱস্থা শোচনীয়ভাবে প্ৰভাবিত হোৱা পৰিলক্ষিত হৈছে। অত্যাধিক বিছনাৰ প্ৰয়োজনীয়তা আৰু স্বাস্থ্য কৰ্ম্মীৰ নগন্য সংখ্যাই স্বাস্থ্যখণ্ডত বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিছে। WHOৰ মতে সমগ্ৰ বিশ্বত ৬ জানুৱাৰীত-২০২২ৰ আগৰ সপ্তাহত ৯.৫ নিযুত ব্যক্তি আক্ৰান্ত হৈছে আৰু ই আগৰ সপ্তাহতকৈ ৭১% অধিক। আমেৰিকা যুক্তৰাষ্টতো কম বয়সৰ ল'ৰা-ছোৱালীৰ চিকিৎসালয়ত ভৰ্ত্তিৰ সংখ্যা দ্ৰুতভাবে বৃদ্ধি পাইছে।তাত ৬.১.২০২২ত ৬,৬২,০০০ নতুন কভিদ মামলা ৰজু হয় যি এক বৃহৎ সংখ্যা।চিকিৎসালয়ত ভৰ্তিৰ সংখ্যা ১,২৩,০০০ হৈছে আৰু অতি সোনকালে ই দেশৰ এতিয়ালৈকে আক্ৰামিত সৰ্ববৃহৎ সংখ্যা ১,৩২,০০০ অতিক্ৰম কৰাতো ধূৰূপ।

 ভাৰতৰ লগতে অসমতো কভিদ আক্ৰান্ত লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাব ধৰিছে। অসম চৰকাৰৰ ১৪-০১-২০২২ত মুঠ খাতাং কেচ- ৫৮০৬৫৭। গুৱাহাটীত কভিদৰ ধনাত্মক হাৰ ৬.৪৭% অতিক্ৰম কৰিছে যি ৰাজ্যখনৰ হাৰৰ(৩.৭৩%) প্ৰায় দুগুন।অমিক্ৰনৰ সংক্ৰমণ ভাৰতৰ লগতে অসমতো অদূৰভবিষ্যতে বৃদ্ধি হোৱাতো খাতাং।কভিদৰ আগমমণৰ পৰা আজিপৰ্য্যন্ত ভাৰতৰ লগতে অসমতো শিক্ষ্যাক্ষেত্ৰত অপূৰণীয় ক্ষতি হৈছে। সৰু লৰা-ছোৱালীৰ লগতে বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থী মানসিক আৰু শাৰীৰিক ভাবে ক্ষতিগ্ৰস্ত হৈছে।দেশৰঅৰ্থনৈতিক মন্দাৱস্থাৰ লগতে নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।জনসংখ্যাগতলাভাংশৰ(Demographic Dividend) এক উন্নত পৰিস্থিতিত থকাৰ পিছতো যদি আমি সুবিধাখিনি লব নোৱাৰো ইতিহাসে আমাৰ প্ৰজন্মক দোষী সাব্যস্ত কৰাতো নিশ্চিত।

 দেশৰ এনে এক সন্ধিক্ষনত নাগৰিক সমাজৰ দায়িত্ব বহু পৰিমাণে বৃদ্ধি পাইছে। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ বাতৰিকাকত, বৈদ্যুতিন মাধ্যম আদিৰ জৰিয়তে তথ্য সম্বলিত বিশ্লেষণাত্মক সমালোচনা কৰি ৰাইজক সজাগ কৰা লগতে চৰকাৰৰ ওপৰত এক ধনাত্মক চাপৰ সৃষ্টি কৰাতো সময়ৰ আহ্বান।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰো এইদিশত সংবিধানপ্ৰদত্ত অধিকাৰেৰে বলীয়ান হৈ দিকনিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ স্থিতি আহি পৰিছে। চৰকাৰ আৰু স্বাস্থ্য বিভাগে লোৱা বিভিন্ন কাৰ্যসূচীৰ বাহিৰেও কৰোণাৰ ব্যাপক সংক্ৰমণ ৰোধিবলৈ চিকিৎসা বিজ্ঞানসন্মত মূখা পৰিধান কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ আৰু সামাজিক দূৰত্ব বজাই ৰাখি অমিক্ৰণ ভাইৰাছক পৰাভূত কৰা অতি জৰুৰী।এয়া এক ধ্ৰুবসত্য যে যদিহে এই কভিদ ভাইৰাছে আন মানুহৰ দেহত প্ৰবেশ কৰিব নোৱাৰে বৰ্তমানৰ অমিক্ৰণ ৰূপান্তৰিত হৈ শক্তিশালী ভাইৰাছ সৃষ্টি কৰিব নোৱাৰি দুৰ্বল হৈ পৰিব।

এয়া নিশ্চিত কৰিব লাগিব যে SOP চৰকাৰপক্ষ্যও নিয়মমাফিক পালন কৰিব লাগিব- বৰ্তমানে বাতৰি আৰু সামাজিক মাধ্যমত দৃষ্টিকটূভাবে প্ৰকাশিত মন্ত্ৰী-আমোলা-ৰাজনীতিজ্ঞৰ বিৰাট জনসমাগমত Protocolবিৰোধীতাৰে ভাগ লোৱাই সমগ্ৰ প্ৰক্ৰিয়াতো প্ৰহসনত পৰিণত কৰি জনসাঘাৰণক বিপথে পৰিচালিত কৰিছে। ৰাইজ চৰকাৰ গণমাধ্যমৰ যৌথ প্ৰচেষ্টাই কভিদবিৰোধী অভিজানক সফল কৰি Songbird চিনেমাৰ ভয়াবহতাৰ পৰা আমাক মুক্ত কৰি এক উজ্বল ভবিস্যতৰ দিশে লৈ যাব পাৰে। অন্যথা হিটলাৰৰ Concentration Camp সদৃশ Q-Zone Campৰ বাবে আমি সাজু হোৱা উচিত।কাৰ্ল মাৰ্ক্সেৰভাষাত " History repeats itself, first as a tragedy, then as a farce"।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in