ৰহস্যত কণ্ঠশিল্পী কৰবীৰ আত্মহত্যাঃ প্ৰেমিক ঋতুপৰ্ণক আটক আৰক্ষীৰ… VIDEO

ৰহস্যত কণ্ঠশিল্পী কৰবীৰ আত্মহত্যাঃ প্ৰেমিক ঋতুপৰ্ণক আটক আৰক্ষীৰ… VIDEO

ডিজিটেল ডেস্কঃ আত্মহত্যা কৰি কণ্ঠশিল্পী কৰবী দাসে কিছুদিনৰ পৰা ফেচবুকত তেওঁৰ মানসিক অস্থিৰতাৰ কথা যেন প্ৰকাশ কৰিছিল কিছু পোষ্টৰ জৰিয়তে। ২ আগষ্টত কৰবী দাসে শ্বেয়াৰ কৰিছিল এটা পোষ্ট। এটা ফেচবুক পেজে আপলোড কৰা এই পোষ্টটোত লিখা আছিল – 'জীৱনৰ সকলোতকৈ ডাঙৰ ভুল কাৰোবাক অন্ধৰ নিচিনাকৈ বিশ্বাস কৰা।'

ঋতুপৰ্ণ দাসৰ ভাড়াঘৰত আত্মহত্যা কৰা কৰবী দাসে সেইদিনাই আন এটা পোষ্ট শ্বেয়াৰ কৰি কৈছিল- 'পৃথিৱীত খেলিবলৈ ৩০০তকৈ বেছি খেল আছে। তথাপিও কিছুমানে মানুহৰ আৱেগ, বিশ্বাস, ভালপোৱাৰ লগতহে খেলি ভাল পায়।'

'বঙাইগাঁও দেকলিমাৰীত অনুষ্ঠিত হোৱা বিহু সন্মিলনীৰ কিছু ভাল লগা মুহূৰ্ত। খুব ভাল লাগিল দেকলিমাৰিবাসী ৰাইজৰ মাজত অনুষ্ঠান পৰিবেশন কৰিব পাই।'

২ আগষ্টতে শেষৰটো পোষ্ট দিছিল কৰবীয়ে। অন্তিমটো পোষ্টত দেউতাকক উদ্দেশ্যি লিখিছিল- 'I should have hug you tighter and longer the last time I saw you'। প্ৰেমিক ঋতুপৰ্ণ দাসৰ ভাড়াঘৰত আত্মহত্যা কৰা কৰবী দাসে সংগীত জগতত যথেষ্ট সুনাম কৰিছিল।

মহানগৰীৰ শ্ৰীমন্তপুৰৰ ঋতুপৰ্ণ দাসৰ ভাড়াঘৰত চীপ লৈ আত্মহত্যা কৰা কৰবী দাসৰ ঘৰ বৰপেটাত। ইফালে, প্ৰেমিক ঋতুপৰ্ণ দাসৰ সৈতে হোৱা সংঘাতৰ বাবেই গায়িকাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

কনিষ্ট অভিযন্তা ৰূপে কৰ্মৰত ঋতুপৰ্ণক ভঙাগড় আৰক্ষীয়ে আটক কৰিছে। আত্মহত্যা কৰাৰ পূৰ্বে কন্ঠশিল্পী কৰবী দাসে কাজিয়াত লিপ্ত হৈছিল প্ৰেমিকৰ সৈতে। আৰক্ষীয়ে ঋতুপৰ্ণৰ ভাড়াঘৰৰ পৰা কৰবীয়ে লিখি যোৱা এক আত্মহত্যাৰ টোকা উদ্ধাৰ কৰিছে যদিও, সেই টোকাত কি আছে এতিয়াও সদৰী কৰা নাই।

বামুণীমৈদামৰ ভাড়াঘৰত থকা কৰবীয়ে মঙলবাৰে ঋতুপৰ্ণৰ ভাড়াঘৰলৈ যোৱা কথা জানিব পৰা গৈছে। এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in