বন্যাৰ্তক চিপছৰ পেকেট বিলাই সামাজিক মাধ্যমত তুলা-ধূনা খাইছে সীমান্ত শেখৰে…

বন্যাৰ্তক চিপছৰ পেকেট বিলাই সামাজিক মাধ্যমত তুলা-ধূনা খাইছে সীমান্ত শেখৰে…

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চাত গায়ক সীমান্ত শেখৰ। বানত ডুবি থকা বন্যাৰ্তক সাহায্য দিবলৈ ওলাই আহিছিল বৰ্তমান অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ। বন্যাৰ্তক চিপছৰ পেকেট আৰু পানীৰ বটল এটাকৈ দি বান সাহায্য বিতৰণ কৰিছিল সীমান্ত শেখৰে।

সেই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে ভোকাতুৰ বন্য়াৰ্তক চিপছৰ পেকেট দিয়াৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰিলে গায়কগৰাকীক। বিভিন্ন জনে চিপছ খাই বানত ডুবি থকা ৰাইজৰ ভোক গুচে নেকি বুলি প্ৰশ্ন কৰে।

মূৰ্হুতৰ ভিতৰতে গায়কজনে সাহায্য বিতৰণ কৰি থকা ফটো ভাইৰেল হৈ পৰাৰ লগতে এই ফটোৰ তলত বিভিন্ন জনে কটাক্ষ কৰি গায়কজনক সমালোচনাৰে থকা-সৰকা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in