দৰিদ্ৰতাই কোঙা কৰা শিমলুগুৰিৰ দুই ভগ্নীৰ কৰুণ গাঁথা

দৰিদ্ৰতাই কোঙা কৰা শিমলুগুৰিৰ দুই ভগ্নীৰ কৰুণ গাঁথা

ডিজিটেল সংবাদ, শিমলুগুৰিঃজোনাকী চ'ৰা (৬৫) আৰু দয়ামতী চ'ৰা(৪৫)- দুয়োগৰাকী অবিবাহিত মহিলা ৷ পিতৃ-মাতৃৰ মৃত্যুৰ পিছৰে পৰা দুয়োগৰাকী ভগ্নীয়ে অতি মিলাপ্ৰীতিৰে জীৱন সংগ্ৰাম চলাই আহিছিল যদিও লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং নিমুৰীৰ নিবাসী এই দুগৰাকী ভগ্নী সম্প্ৰতিৰ পানীত হাঁহ নচৰা অৱস্থা৷দৰিদ্ৰতাই কোঙা কৰিছে তেওঁলোকক ৷

দৰিদ্ৰতাৰ বাবে দুটা বছৰে জোনাকী চ'ৰা এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে ৷ ৱাসস্থান হিচাপে এটি সৰু ভেটি, আৰু সামান্য খেতি – মাটিতে কৃষি কাৰ্য কৰি জীৱন নিৰ্বাহ কৰা দুই ভগ্নীয়ে বৰ্তমান জীৱিকাৰ তাড়নাত কৰিব লগা হৈছে দিন হাজিৰা ৷

টকাৰ অভাৱত বহুদিন ধৰি চিকিৎসা কৰিব নোৱাৰা জোনাকী ক্ৰমান্বয়ে অসুস্থ হৈ বিচনাতে চটফটাই থাকিবলগীয়া হৈছে ৷ একমাত্ৰ ভনীয়েকৰ মুখলৈ বাট চাই থাকিবলগীয়া হৈছে জোনাকী ৷ইয়াকে লৈ ভগ্নী দয়ামতী দুখত ভাগি পৰিছে ৷ বায়েকক উন্নত চিকিৎসাৰে সুস্থ কৰোৱাৰ দূৰ্বাৰ হেঁপাহ মনত পুহি ৰখা দয়ামতীয়ে আনৰ ওচৰত সহায় বিচৰাৰ বাদে একো উপায় নাইকিয়া হৈছে ৷

সেয়েহে তেওঁ বায়েক জোনাকীৰ চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীৰ লগতে ৰাইজৰ সহায়ৰ হাত আহ্বান কৰিছে ৷ এই জটিল সন্ধিক্ষণত জোনাকীক কোনো সুহৃদয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৭০৯৯৩-৩৯৯৮৩ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in