মানৱ সমাজক লজ্জানত কৰা ঘটনাঃ পুত্ৰই হত্যা কৰিলে মাতৃক…

মানৱ সমাজক লজ্জানত কৰা ঘটনাঃ পুত্ৰই হত্যা কৰিলে মাতৃক…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ মানৱতাক ভূ-লুণ্ঠিত কৰা এটি ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰিত ৷নিজ পুত্ৰই মাতৃক হত্যা কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত তথ্য মতে শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বহুপথাৰ নিবাসী কুঞ্জ গগৈ(৫০)ক তেওঁৰ পুত্ৰ নিতু গগৈ (২১)য়ে ঘূঁচিয়াই ভুকুৱাই হত্যা কৰে ৷উল্লেখ্য, যোৱাৰাতি সন্ধ্যা ৮ বজাত ওচৰৰে এঘৰত নিতুৱে জুই ৰ উম লৈ আছিল ৷ ইয়াৰ পিছত মাতৃয়ে তেওঁক ভাত খাবলৈ মাতিছিল৷

ইয়াৰ পিছতেই দুয়ো তৰ্কাতৰ্কিত লিপ্ত হয়৷ অৱশেষত খঙৰ ভমকত মাতৃক ঘূঁচিয়াই-ভুকুৱাই গুৰুতৰভাবে আঘাত কৰে নিতুৱে৷ পৰিয়ালৰ লোকে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত মাতৃগৰাকীক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

শুকুৰবাৰে পুৱা ঘটনাটোৰ খৱৰ পোৱাৰ পিছত শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন ৰাজখোৱা সহ এটি আৰক্ষী দল নিতুৰ ঘৰত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু লম্পট পুত্ৰ নিতুক গ্ৰেপ্তাৰ কৰে ৷ মাতৃহন্তা নিতুৰ মানসিকতাক অঞ্চলবাসীয়ে ধিক্কাৰ দিয়াৰ লগতে নিতুৰ উচিত শাস্তিৰ দাবী তুলিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in