কৃষ্ণাই মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তীঃ বৃহস্পতিবাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা…

কৃষ্ণাই মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তীঃ বৃহস্পতিবাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা…

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যোতিনগৰস্থিত মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনা এক উখলমাখল পৰিবেশ বিৰাজ কৰে অঞ্চলত ৷১৯৯৫ চনতে স্থাপন হোৱৰ কৃষ্ণাই অঞ্চলৰ প্ৰথম খন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মণ্টেছৰী হাই স্কুলৰ ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে সংস্কৃতিক শোভাযাত্ৰাৰে ৷

ৰাতিপুৱা ১০:৩০ বজাত বণাঢ়্য সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° চৈয়দ আব্দুল আজিমে ৷ বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে নাম-প্ৰশংগৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি পৰিবেশন কৰে সংস্কৃতিক শোভাযাত্ৰাত ৷

কৃষ্ণাই মণ্টেছৰী বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাৰ দলটোয়ে কৃষ্ণাই বজাৰৰ মাজেৰে পৰিভ্ৰমণ কৰি বিদ্যালয়ৰ চৌহদত শোভাযাত্ৰাৰ সামৰণি পৰে ৷শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ সৈতে কেইবাশতাধিক স্থানীয় ৰাইজ তথা অভিভাৱকে আংশগ্ৰহন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in