শিলচৰত ক্ষুদ্ধ ৰাইজে উৎখাত কৰিলে ড্ৰাগছৰ ঘাটি, দুজনক আটক আৰক্ষীৰ… VIDEO

শিলচৰত ক্ষুদ্ধ ৰাইজে উৎখাত কৰিলে  ড্ৰাগছৰ ঘাটি, দুজনক আটক আৰক্ষীৰ… VIDEO

ডিজিটেল সংবাদ, শিলচৰঃ আৰক্ষীৰ চকুত ধুলি দি শিলচৰত মুকলিভাৱে ড্ৰাগছ বিক্ৰী কৰা এখন দোকানত আক্ৰমণ চলায় ক্ষুদ্ধ জনতাই৷ শিলচৰ থানাৰ নাতি দূৰৈত অৱস্থিত চামগুদামৰ এই পান দোকান খনত আক্ৰমণ চলাই দোকানখন বগৰাই দিয়ে স্হানীয় ৰাইজে ৷ দীৰ্ঘদিন ধৰি ৰকী নামৰ ড্ৰাগছ ব্যৱসায়ীয়ে পান দোকানখনত মুকলি ভাবে বিক্ৰী কৰি আহিছে মাৰাত্মক ড্ৰাগছ৷

নিতৌ এচাম যুৱকে ৰকীৰ এই দোকানৰ পৰা ড্ৰাগছ ক্ৰয় কৰে ৷ ৰকীৰ বিৰুদ্ধে বাৰম্বাৰ শিলচৰ থানাক অৱগত কৰাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্হানীয় লোকৰ ৷ দীৰ্ঘ দিন অভিযোগ দিয়াৰ পিচত বৃহস্পতিবাৰে শিলচৰ থানাৰ আৰক্ষী গৈ ৰকীৰ দোকানত অভিযান চলায় ৷

অভিযান কালত বুজন পৰিমাণৰ ড্ৰাগছ, ড্ৰাগছৰ কন্টেনাৰ আৰু নগদ ধন জব্দ কৰে ৷ লগতে ড্ৰাগছ ব্যৱসায়ী ৰকী আৰু জামাল উদ্দিন লস্কৰক আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষী উভতি যোৱাৰ পিচতে এইদৰে স্হানীয় লোকে ৰকীৰ পান দোকান খনত আক্ৰমণ চলায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in