/asomiyapratidin/media/media_files/2026/03/03/11-11-24-new-2-2026-03-03-10-59-00.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ লঘু উদ্যোগৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল বৰাক উপত্যকা। প্ৰথমাবাৰৰ বাবে বৰাকত আৰম্ভ হ'ল পূৰবী ডেইৰীৰ প্ৰথমটো প্ৰকল্প। অসম দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডে ১০ কোটি টকা ব্যয় সাপেক্ষে শিলচৰৰ ঘুংগুৰত স্থাপন কৰে এই প্ৰকল্প। দৈনিক ২০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন ক্ষমতা সম্পন্ন পূৰৱী ডেইৰীৰ এই প্ৰকল্পটো সোমবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে।
/asomiyapratidin/media/post_attachments/d6a458b7-7d3.png)
মন্ত্ৰীগৰাকীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে বৰাক উন্নয়ন মন্ত্ৰী কৌশিক ৰাই,দুই সাংসদ পৰিমল শুক্লবৈদ্য,কণাদ পুৰকায়স্থ,শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীসহ পূৰৱী ডেইৰীৰ বিষয় ববীয়াসকল। ডেইৰীটোত বৰ্তমান পাঁচ হাজাৰ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ বান্ধি লোৱা হৈছে। শিলচৰৰ এই প্ৰকল্পটোত প্ৰথমাৱস্থাত মাত্ৰ দুটা চাইজত পূৰবী গাখীৰৰ পেকেটহে উৎপাদন কৰা হ'ব। ৫০০ মিলি লিটাৰ আৰু ২৫০ মিলি গ্ৰামৰ দুটা পেকেট উপলব্ধ হ'ব এই প্ৰকল্পটোত । লগতে তিনি প্ৰকাৰৰ মিঠা দৈ আৰু সাধাৰণ দৈ উপলব্ধ হ'ব এই পূৰৱী ডেইৰীত ।
অহা ৫ মাৰ্চৰ পৰা শিলচৰৰ বজাৰত উপলব্ধ হ'ব পূৰৱী গাখীৰৰ পেকেট আৰু অনান্য উৎপাদিত দুগ্ধজাত সামগ্ৰী।পূৰৱী গাখীৰৰ পেকেট উৎপাদনৰ বাবে দৈনিক ২০ হাজাৰ লিটাৰ গাখীৰৰ প্ৰয়োজন হ'ব।গুৱাহাটীৰ পৰা আমদানি কৰি বৰ্তমান উৎপাদন আৰম্ভ কৰা হৈছে। অহা ১১ মাৰ্চৰ পৰা বৰাকৰ তিনিওখন জিলাৰ গো-পালক সকলৰ পৰা গাখীৰ সংগ্ৰহ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/3a9c120d-d0b.png)
ইফালে, ৰাজ্যৰ প্ৰতিটো অঞ্চলতে যাতে ১ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব পৰা যায়, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে চেষ্টা অব্যাহত ৰাখিছে। তাৰে অংশ হিচাপে অহা সাত মাৰ্চত কেন্দ্ৰীয় পশুপালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে যোৰহাটত এটা নতুন দুগ্ধ উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰীগৰাকীয়ে সেইদিনটোত যোৰহাটৰ লগতে ডিব্ৰুগড়ত ১ লাখ আৰু ধেমাজিত ৫০ হাজাৰ লিটাৰ গাখীৰ উৎপাদনৰ বাবে দুটা প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিব বুলি সদৰী কৰে কৃষ্ণেন্দু পালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us