/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-20-47-19.jpg)
ডিজিটেল ডেস্কঃ কাছাৰত নকল চিগাৰেটৰ বিৰুদ্ধে অভিযান অসম ৰাইফলছ আৰু কাষ্টম বিভাগৰ। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু শিলচৰস্থিত শুল্ক বিভাগে যুটীয়া অভিযান চলাই এটা গোডামৰ পৰা বুজন পৰিমাণৰ নকল চিগাৰেট জব্দ কৰে। কেইবাটাও কাৰ্টনৰ পৰা জব্দ কৰা চিগাৰেট খিনিৰ বজাৰ মূল্য প্ৰায় ৩৪ লাখ টকা বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2026-01-08-20-46-15.jpeg)
উল্লেখযোগ্য, জব্দ কৰা চিগাৰেটখিনি শিলচৰৰ মাজেৰে বিভিন্ন স্থানত বিতৰণৰ বাবে গোডামটোত মজুত কৰি ৰখা হৈছিল। এনে চোৰাং আৰু নকল সামগ্ৰীৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু শুল্ক বিভাগে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।
ইফালে,মিজোৰামৰ চাম্পাই জিলাতো চোৰাং সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায় অসম ৰাইফলছে। ৰুৱান্টলাং এলেকাত অভিযান চলাই অসম ৰাইফলছে ২০ কাৰ্টুন Peacock Classic আৰু ২০ কাৰ্টুন V ব্ৰেণ্ডৰ চিগাৰেট জব্দ কৰে। জব্দ কৰা দুয়োবিধ চিগাৰেটৰ মূল্য প্ৰায় ৫২ লাখ টকা বুলি জানিব দিয়ে। জব্দ কৰা চিগাৰেটখিনি স্থানীয় লিগেল মেট্ৰল'জি বিভাগক গতাই দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-imag-2026-01-08-20-46-33.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us