/asomiyapratidin/media/media_files/2025/08/22/1-2025-08-22-11-58-27.jpg)
ডিজিটেল সংবাদ, শিলচৰ: সম্প্ৰতি অবৈধ ভাবে সীমান্ত পাৰ হৈ বাংলাদেশলৈ উভতি যোৱাৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে কাছাৰ জিলাৰ কাটিগৰা। মোটা অংকৰ ধনৰ বিনিময়ত একাংশ দালালে গোপনে কাটিগৰা সীমান্তৰে বাংলাদেশী সকলক স্ব-গৃহলৈ পঠিয়াই দিয়ে।
এইদৰে বাংলাদেশলৈ পাৰ কৰিবলৈ যো-জা চলাওতে বৃহস্পতিবাৰে পুনৰ ৫ টি শিশু সহ ৯ গৰাকী বাংলাদেশী ৰোহিঙ্গীয়াক আটক কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে। গোপনে বাংলাদেশলৈ উভতি যাবলৈ ৰৈ থকা অৱস্থাত কালাইনচৰাৰ চাপ্লাইগেটৰ ওচৰত থকা এখন হোটেলৰ পৰা আটক কৰা হয় বাংলাদেশী কেইজনক।
আটক কৰাৰ পিছত লগে লগে গুমৰা আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে বাংলাদেশী কেইজনক আটক কৰি শিলচৰলৈ লৈ যায়। ধৃত বাংলাদেশী কেইজন বাংলাদেশৰ টেকনাফ লেদা ৰোহিঙ্গীয়া কেম্পৰ মহম্মদ ইৰফান,তেওঁৰ পত্নী নুৰ কাৱাজ বিবি আৰু তেওঁলোকৰ তিনি সন্তান। বাকী কেইজন বাংলাদেশৰ উটিয়া কুতুপালা শিবিৰৰ দিল মহম্মদ আৰু খাগৰাছৰি শিৱিৰৰ খাদিজা বেগম আৰু তেওঁৰ দুই শিশু সন্তান।
বাংলাদেশী ৰোহিঙ্গীয়া কেইজনে জানিবলৈ দিয়া মতে, তেওঁলোক বাংলাদেশৰ টেকনাফ লেদা, খাগড়াছড়ি আৰু উটিয়া ৰোহিঙ্গীয়া আশ্ৰয় শিৱিৰত আছিল। তিনি বছৰ পূৰ্বে ত্ৰিপুৰাৰ আগৰতলা বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ৰোহিঙ্গীয়া কেইজন। তাৰ পৰা ভাৰতৰ জম্মু, পাঞ্জাব আৰু দিল্লীত শ্ৰমিক হিচাপে কাম কৰি আছিল ৰোহিঙ্গীয়া কেইজনে।
ইফালে, ভাৰতৰ চাৰিওফালে বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হোৱাত গ্ৰেপ্তাৰৰ ভয়ত তেওঁলোক বাংলাদেশলৈ উভতি যোৱাৰ বাবে ৰেলেৰে আহি সোমবাৰে বদৰপুৰত উপস্থিত হয়। পাছত বদৰপুৰ ষ্টেচনৰ পৰা নাজিম উদ্দিন নামৰ এজন দালালে তেওঁলোকক কাটিগৰাৰ কোনো গোপন স্থানত আশ্ৰয় দিছিল।
বৃহস্পতিবাৰে দালাল জনৰ জৰিয়তে এখন অটোৰে আহি বাংলাদেশী কেইজন উপস্থিত হয় কাটিগৰাৰ চাপ্লাইগেটৰ ওচৰত থকা এখন লাইন হোটেলত। তাৰ পৰা দালাল জনে তেওঁ লোকক গোপনে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ কথা আছিল। অটো চালক জনে ভাড়া বাবদ ১৪ হাজাৰ টকা আদায় কৰাৰ লগতে তেওঁলোকৰ লগত থকা আটাইখিনি টকা কাঢ়ি লৈ যায়।
পিচত স্থানীয় লোকৰ সহায়ত এটা NGO য়ে বাংলাদেশী কেইজনক আটক কৰাৰ পিচত তেওঁলোকৰ হাতত টকা পইচা নথকা বুলি জানি হোটেলতে ভাত পানী খুৱাই গুমৰা আৰক্ষীক গতাই দিয়ে। অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰোৱা আৰু আৰক্ষী আৰু বি এছ এফৰ চকুত ধূলি দি বাংলাদেশলৈ উভতাই পঠিওৱা এই দালাল চক্ৰটোক বিচাৰি উলিয়াব পাৰিব নে অসম আৰক্ষীয়ে?
নে ৰাইজে ধৰি দিয়া বাংলাদেশী কেইজনক নিশাৰ আন্ধাৰত বাংলাদেশলৈ পুছবেক কৰিয়ে দায়িত্ব সামৰিব? গ্ৰেপ্তাৰ কৰিব পাৰিবনে দালাল নাজিম উদ্দিনক? সেয়া হৈছে লাখ টকীয়া প্ৰশ্ন।