শিলচৰত কেন্দ্ৰীয় বিত্ত বিভাগৰ সচিবে বুজ ল’লে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ

শিলচৰত কেন্দ্ৰীয় বিত্ত বিভাগৰ সচিবে বুজ ল’লে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ

ডিজিটেল সংবাদ, শিলচৰঃ প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অগ্ৰগতি আৰু কাছাৰ জিলাৰ চৰকাৰী- বে চৰকাৰী বেংক সমূহৰ কার্যপন্থা সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে শিলচৰত উপস্হিত হয়
কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত সচিব শ্রী সমীৰ কুমাৰ খাৰে৷ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত আয়োজিত এক গুৰুত্বপুৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰি শীৰ্ষ বিষয়া গৰাকীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়৷

কাছাৰৰ উপায়ুক্ত শ্রীমতী লায়া মাদ্দুৰীৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকখনত জিলাখনৰ বিভিন্ন বেংকৰ বিষয়া কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে৷ এই পর্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰী ফচল যোজনাৰ লগতে
বেংক সমূহৰ কার্যপন্থা সম্পর্কেও অবগত হয় বিষয়া গৰাকী৷ বিভিন্ন বেংক বিষয়া সকলৰ সৈতে মত বিনিময় কৰি বিত্ত সচিব গৰাকীয়ে এই সন্দৰ্ভত প্রয়োজনীয় নির্দেশো প্ৰদান কৰে সংশ্লিষ্ট বিষয়া সকলক।

পর্যালোচনা সভাত জিলাৰ বেংক সমূহৰ লীড ডিষ্ট্ৰিক্ট মেনেজাৰ শ্রী অৰুণ জ্যোতি দে আৰু ইউনাইটেড বেংক, বন্ধন বেংক, ডেনা বেংক, আই চি আই চি আই, এইছ ডি এফ ছি, ফেডাৰেল বেংক, ইন্ডাছইন্ড বেংক সহ জিলাখনত থকা সকলো বেংক বিষয়াৰ সৈতে ২০১৮ চনৰ ৩১ ডিছেম্বৰ আৰু ২০১৯ চনৰ ৩১ মার্চ লৈ বেংক সমূহৰ ডিপোজিট, এডভাঞ্চ, ছিডি ৰেছিও, সন্দৰ্ভত পর্যালোচনা কৰে৷

বৈঠকত অতিৰিক্ত সচিব শ্রী খাৰে জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটক বেংক ঋণ প্রদান সন্দৰ্ভত জোৰ দিয়ে৷ আনহাতে, কৃষি ক্ষেত্রত প্রধানমন্ত্রীৰ ফচল বীমা যোজনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা উপায়ুক্ত শ্রীমতী মাদ্দুৰী বাকী যাইৰ ধন আদায়ৰ বাবে ঋণ গ্ৰহণ কৰা সকলৰ সঠিক ঠিকনা ৰাখিবলৈ পৰামর্শ দিয়ে যাতে তেওঁলোকক জাননী প্ৰেৰণ কৰাত সহজ হয়৷

বৈঠকত জিলাখনৰ বেংক সমূহৰ কার্যপন্থা সন্দৰ্ভতো বিস্তৃত ভাবে অৱগত হোৱাৰ লগতে সৰ্বোপ্ৰকাৰ অগ্রগতি লাভ কৰিবলৈ শ্রী খাৰে পৰামর্শ আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in