শিলচৰত এখন বিশেষ বিয়া, কইনা ৰূপত খোদ উপায়ুক্ত…

শিলচৰত এখন বিশেষ বিয়া, কইনা ৰূপত খোদ উপায়ুক্ত…

ডিজিটেল ডেস্কঃ বিয়া বুলি বিশেষ প্ৰস্তুতি নাছিল। নাছিল কোনো বিশেষ অতিথিও। ৰঙা এখন শাৰী পিন্ধি বিয়াৰ বাবে সাজু হৈছিল কইনা। দুদিনৰ পূৰ্বে কইনাৰ ঘৰ আহি পাইছিল দৰা। আৰু কইনাই অনুষ্টুপীয়াকৈ ডিঙিত আঁৰি দিলে বৰমালা।

অৱশ্যে বিয়াৰ পূৰ্বে সম্পন্ন কৰা হৈছিল গণেশ পূজা। তাৰপাছত অতিথিক অলপ অপ্যায়ন। দৰাৰ হাতৰ আঙুলিত নাই বিয়াৰ আঙুঠি। কইনাৰ হাততো নাই বিয়াৰ মেহেণ্ডী। বিবাহ অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত দুয়োৱে তুলিলে যুগ্মজীৱনৰ প্ৰথমখন ফটো।

দৰাতকৈ কইনাৰ আত্মবিশ্বাস বেছি। কইনাৰ সন্তুষ্টি হাঁহি মৰাৰ বিপৰীতে দৰাৰ মুখত কিছু নাৰ্ভাছ হোৱাৰ চিন। আপুনি যদি ভাবিছে এইখন কোনোবা যদু-মধুৰ বিয়া তেনেহলে ভুল ভাবিছে। অসমতে হৈ যোৱা এইখন এখন বিশেষ বিয়া আছিল।

কোৰোনাৰ বাবে অতি অনুষ্টুপিয়াকৈ এই বিয়া অনুষ্ঠিত কৰিলেও দৰা-কইনাক অভিনন্দন জনাবলৈ আহিল এগৰাকী উপ মহাপৰিদৰ্শক পৰ্যায়ৰ বিষয়া, কেইবাজনো অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক।

শিলচৰ উপায়ুক্তৰ বাসভৱনত এই বিয়া হৈ গল। নাই বিয়াৰ পেণ্ডেল। কোভিডৰ মাজতে এনেদৰে মনৰ মানুহজনক আনুষ্ঠানিকভাৱে নিজৰ কৰি ললে কইনাই। এইদৰেই বিবাহপাশত আৱদ্ধ হল শিলচৰৰ বৰ্তমানৰ উপায়ুক্ত কীৰ্তি জলী। দৰাৰ নাম আদিত্য শশীকান্ত। কইনা আই এ এছ বিষয়া হোৱাৰ বিপৰীতে দৰা ব্যৱসায়ী।

বিয়া পাতিবৰ বাবেই ঘৰলৈ যাবলৈ আজৰি নাই। কোভিডৰ বাবে মাতিব নোৱাৰে অতিথি। সেয়েহে সকলো প্ৰটকল মানি উপদেশতকৈ আৰ্হি ভাল বুলি মানি হৈ গল বৰমালাৰ আদান প্ৰদান। শিলচৰত এই বিয়াই যথেষ্ট চৰ্চা লাভ কৰিছে। উপায়ুক্ত হিচাপেও জিলাখনত বেছ জনপ্ৰিয় কীৰ্তি জলী। পৰিয়ালৰ বিশেষ লোক উপস্থিত থাকিব নোৱাৰিলেও এই বিয়াত জলীৰ ভগ্নী উপস্থিত আছিল। তেওঁৱে আছিল এই বিয়াৰ অন্যতম সাক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in