কাছাৰৰ পালংঘাটত ৩ চোৰাং গৰুসহ ৬ চোৰক গ্ৰেপ্তাৰ, উদ্ধাৰ চৌডি আৰৱ-কুৱেইট আৰু নেপালৰ নোট

কাছাৰৰ পালংঘাটত ৩ চোৰাং গৰুসহ ৬ চোৰক গ্ৰেপ্তাৰ, উদ্ধাৰ চৌডি আৰৱ-কুৱেইট আৰু নেপালৰ নোট

ডিজিটেল সংবাদ, শিলচৰঃ এইবাৰ চোৰাং গৰুসহ কাছাৰত গ্ৰেপ্তাৰ হ'ল ছয় জনকৈ গৰু চোৰ৷ ধলাই সমষ্টিৰ কল্যাণপুৰ গাঁৱত শনিবাৰে নিশা গাওঁৰক্ষী বাহিনীয়ে আটক কৰে গৰু চোৰ ছয়জনক। এএছ-১১-চিচি-৩৬০৬ নম্বৰৰ এখন টাটা মেজিক গাড়ী সন্দেহজনক ভাবে ঘুৰাফিৰা কৰাত গাওঁৰক্ষী বাহিনীয়ে আটক কৰে বাহনসহ দুজন চোৰক৷ কিছু সময় পিচত পুনৰ তিনিটা গৰুসহ আন চাৰিজন চোৰক আটক কৰে গাওঁৰক্ষী বাহিনীয়ে৷

পিচত পালংঘাট আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে মেজিক গাড়ী, গৰু তিনিটা আৰু গৰুচোৰ কেইজনক আৰক্ষী চকীলৈ লৈ আহে৷ ধৃত চোৰ কেইজন আজিজুৰ ৰহমান, নজমুল হুছেইন, আব্দুল হুছেইন, ছৈদুল আলম, আৰু ছইদ আহমেদ বৰভুঞা৷ আজিজুৰ ৰহমান, নজমুল হুছেইন, আব্দুল হুছেইন আৰু ছৈদুল আলমৰ ঘৰ শিলচৰ শিলডুবিৰ মেনিপুৰ দ্বিতীয় খণ্ডত৷ আনহাতে আব্দুল কাছিম আৰু ছইদ আহমেদ বৰভুঞাৰ ঘৰ ক্ৰমে ধলাইৰ ভুটাংখাল আৰু সোণাইৰ কাজিদৰত৷ চোৰ কেইজনৰ ভিতৰত ছইদুল আলমৰ পৰা চৌডি আৰৱৰ তিনিখন (ৰিয়েল), কুৱেটৰ আৰু নেপালৰ এখনকৈ বিদেশী নোট জব্দ কৰে আৰক্ষীয়ে৷

উদ্ধাৰ হোৱা গৰু কেইটা মনিয়াৰখাল চাহ বাগিচাৰ সিদ্ধাংশু চাচা নামৰ লোকজনৰ৷ চোৰ কেইজনক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে স্হানীয় লোকে৷ ইফালে, গৰচোৰ ছইদুল আলমৰ পৰা কেবাখনো বিদেশী নোট আৰু এখন ভিছা উদ্ধাৰ হোৱাত যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে৷ গৰু চোৰৰ অভিনয় কৰা এইজন ছইদুল আলমে কোনো বিদেশী শক্তিৰ হৈ বৰাকত কাম কৰিছে নেকি তাৰ তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in