প’ল’ খেলৰ পিছত এইবাৰ শিলচৰত আৱিষ্কাৰ নতুন “বিজি বল” খেলৰ

প’ল’ খেলৰ পিছত এইবাৰ শিলচৰত আৱিষ্কাৰ নতুন “বিজি বল” খেলৰ

ডিজিটেল সংবাদ, শিলচৰঃ বিশ্বৰ অন্যতম জনপ্ৰিয় প'ল' খেলৰ প্ৰথম জন্ম হৈছিল শিলচৰৰ বুকুত৷ ব্ৰিটিছ সকলে শিলচৰ ষ্টেডিয়ামত জন্ম দিয়া এই প'ল' খেল আজি সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ এই প'ল' খেলৰ পিছতে এইবাৰ কাছাৰ জিলাত জন্ম হৈছে এবিধ নতুন খেলৰ৷
খেলবিধৰ নাম দিয়া হৈছে বিজি বয়। এই বিজি বল খেলবিধ আবিষ্কাৰ কৰিছে কাছাৰ জিলাৰ সোণাই সমষ্টিৰ ফকৰুল ইছলাম লস্কৰ নামৰ এজন যুৱ ক্ৰীড়া প্রেমীয়ে।

২০১৯ বৰ্ষৰ ৯ নৱেম্বৰত প্ৰথম আৱিষ্কাৰ কৰা হৈছিল এই "বিজি বল" খেলৰ৷ সিদিনা সোনাই খেলপথাৰত ৰাইজৰ সম্মুখত প্ৰথম প্ৰদৰ্শন কৰা হৈছিল নতুন খেল বিধৰ৷ আৱিষ্কাৰৰ তিনি মাহ পিচত যোৱা সোমবাৰে সোণাইৰ পালংঘাট খেল পথাৰত এই "বিজি বল" খেল বিধ ৰাইজৰ মাজত প্ৰতিযোগিতা হিচাপে মুকলি কৰা হয়।

বাৰটা দলৰ মাজত প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল নতুন খেল বিধৰ৷ ক্ৰিকেট খেলৰ ভংগিমাৰে খেলা এই "বিজি বল"খেল বিধক ক্রিকেটৰ কণিষ্ঠ ভাতৃ খেল হিচাপে অভিহিত কৰিছে ক্ৰীড়া প্ৰেমী সকলে৷ নতুন অথচ, আকৰ্ষণীয় এই খেলবিধৰ প্ৰতিযোগিতা চাবলৈ অসম বিধানসভাৰ উপাধ্যক্ষ আমিনূল হক লস্কৰ উপস্হিত হৈ আচৰিত হৈ পৰিছিল।

খেল উপভোগ কৰি আমিনুল হক লস্কৰে ৰাইজক উদ্দেশি কৈছিল – শিলচৰৰ বুকুত জন্ম লাভ কৰা প'ল' খেল আজি সমগ্ৰ বিশ্বতে জনপ্ৰিয়৷ প'ল' খেলৰ দৰে এদিন এই "বিজি বল" খেল বিধেও বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিব৷ কাছাৰৰ বুকুত নতুনকৈ আৱিস্কৃত এই খেল বিধক সমগ্ৰ দেশ আৰু বিশ্বত প্ৰচাৰ কৰিবলৈ অহা এপ্ৰিলত বিশাল আকাৰত কাছাৰত টুৰ্ণামেন্ট আয়োজন কৰিব বুলি ঘোষণা কৰে আমিনুল হকে৷ খেলৰ সকলো ব্যয় তেওঁ বহন কৰিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিয়ে৷

ইফালে, এই "বিজি বল" খেলবিধে শীঘ্ৰেই স্বীকৃতি লাভ কৰিব বুলি আশাবাদী খেলৰ আৱিস্কাৰক ফকৰুল ইছলাম লস্কৰ। বৰ্তমানে খেলবিধে কাছাৰৰ মাটিত জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হলেও বিশ্বৰ দৰবাৰত এতিয়ালৈকে প্রচাৰ হোৱা নাই। নতুন খেল বিধৰ সম্পৰ্কে বিস্তৃত তথ্য দাঙি ধৰি ফকৰুল ইছলাম লস্কৰে কয় যে, দহ গৰাকী খেলুৱৈৰ মাজত খেল বিধ খেলা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in