শ্ৰমিক নেতা বাবুল কুমাৰসহ ৩ জনক আটক কৰাৰ প্ৰতিবাদত ৰোজকান্দি বাগিছাৰ শ শ শ্ৰমিকৰ পথ অৱৰোধ, উত্তপ্ত পৰিস্থিতি…

শ্ৰমিক নেতা বাবুল কুমাৰসহ ৩ জনক আটক কৰাৰ প্ৰতিবাদত ৰোজকান্দি বাগিছাৰ শ শ শ্ৰমিকৰ পথ অৱৰোধ, উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ, শিলচৰঃ পৱাই কাছাৰৰ ৰোজকান্দি চাহ বাগিছাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্হিতি ৷ শিলচৰ – হাইলাকান্দি পথৰ বৰজালেংগাত পুনৰ পথ অৱৰোধ কৰিলে কেবা শ শ্ৰমিকে ৷ শ্ৰমিক নেতা বাবুল কুমাৰ আৰু দুজনক বৃহস্পতিবাৰে আটক কৰিছিল শিলচৰ আৰক্ষীয়ে ৷ ইয়াৰ প্ৰতিবাদতে এই অৱৰোধ ৷

বাবুল কুমাৰসহ ৩ জন লোকক মুকলি কৰি নিদিয়ালৈ পথ অৱৰোধ প্ৰত্যাহাৰ নকৰাৰ হুংকাৰ শ্ৰমিক সকলৰ ৷ পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ঘটনাস্হলীত আৰক্ষী আৰু অৰ্ধ সামৰিকৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে। বাগিছা কতৃপক্ষই পূৰ্বে ৰুজু কৰা কেবাটাও গোচৰৰ ভিত্তিত আটক কৰা হৈছিল শ্ৰমিক নেতা কেইজনক ৷

ৰোজকান্দি বাগিছাৰ লক আউট খোলাৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শিলচৰলৈ উভতি অহাৰ সময়ত শিলচৰ ৰেল ষ্টেচনৰ পৰা আটক কৰা হৈছিল ৩ জন শ্ৰমিক নেতাক ৷ আটক কৰাৰ পিচতে বৃহস্পতিবাৰে আবেলিৰ পৰা নিশা দহ বজালৈ পথ অৱৰোধ কৰিছিল শ্ৰমিক সকলে ৷ নিশা সাময়িক ভাবে অৱৰোধ প্ৰত্যাহাৰ কৰি শুকুৰবাৰে ৰাতিপুৱাৰে পৰা পুনৰ পথ অৱৰোধ কৰে শ্ৰমিক সকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in