শিলচৰত নিচাজাতীয় টেবলেটসহ আটক ২ জন

শিলচৰত নিচাজাতীয় টেবলেটসহ আটক ২ জন

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ ৰাধামাধৱ ৰোডৰ এটি ঘৰৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট৷ ডিএছপি ঐশ্বৰ্য জীৱন বৰুৱাৰ নেতৃত্বত টাউন ব্ৰাঞ্চ আৰক্ষীয়ে চলাইছিল অভিযান৷

অভিযানত উদ্ধাৰ ১১৮ টি ডব্লিউ ৱাই টেবলেট৷ ম্যানমাৰত প্ৰস্তুত কৰা টেবলেটখিনিৰ মুঠ পৰিমাণ ২৩,৬০০টা৷ টেবলেটৰ সৈতে কীছন দাস আৰু ৰাজু দাস নামৰ দুজনক আটক৷ কীছনে এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। ৰাধামাধৱ ৰোডৰ পাল কলনিত ভাড়াতীয়া হিচাপে আছিল কীছন।

ৰাজুৱে টেবলেটখিনি ৰখাৰ সন্দেহ৷ টেবলেটখিনিৰ মূল্য কেবা লাখ টকাৰ বুলি জানিব পৰা গৈছে৷ ধৃতদ্বয়ক শিলচৰ থানাত জেৰা অৱ্যাহত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in