চিলাপথাৰত শতায়ু গৰকা এজোপা পিপল গছত আজৱ কাহিনী…

চিলাপথাৰত শতায়ু গৰকা এজোপা পিপল গছত আজৱ কাহিনী…

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰত শতায়ু গৰকা এজোপা পিপল গছত আজৱ কাহিনী ৷ গছৰ শিপাই লৈছে হিন্দুৰ উপাস্য প্ৰতীক শিৱলিংগ, সাপ,ধূপ আৰু গনেশৰ আকাৰ৷ ঘটনাটো চিলাপথাৰ অঞ্চলৰ মেচু গাওঁৰ ৷ মেচু-চৌখামটিং গৰকপ্তানি পথত থকা শতায়ু গৰকা এই বিশালকায় পিপল গছ জোপাৰ শিপাত কিছু দিনৰ পৰা দেখা গ'ল আজৱ আকাৰ৷ কোনোটোৱে লৈছে শিৱলিঙ্গৰ আকাৰ৷ আন কোনোটোৱে লৈছে ধূপ,সৰ্প আৰু ভগৱান গনেশৰ দৰে আকাৰ৷

কিছুদিনৰ পূৰ্বে হাবিময় হৈ থকা গছ জোপা পৰিষ্কাৰ কৰিবলৈ গৈ এজনে প্ৰত্যক্ষ কৰিছিল এই অস্বাভাৱিক ঘটনা ৷ ঘটনাটো বিয়পি পৰাৰ পিছৰ পৰাই গছ জোপা প্ৰত্যক্ষৰ বাবে প্ৰতিটো দিনেই সমবেত হৈছে বহু লোক ৷ দিবা নৈশে অন্ধ বিশ্বাসী ৰাইজৰ মাজত অব্যাহত পূজা অৰ্চনা৷

বিশালকায় পিপল গছ জোপাৰ ডাল-পাত কাটিবলৈ গৈ পূৰ্বে কেইবা জনো গঞাৰ মৃত্যুৰ ঘটনা ঘটিছে বুলি ৰাইজে সদৰি কৰিছে ৷ দেওঁলগা গছজোপা সংৰক্ষণৰ দিহা কৰিবলৈ চৰকাৰৰ ওচৰত স্থানীয় লোকে দাবী জনাইছে৷বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিয়ে চূড়ান্ত শিখৰ ষ্পৰ্শ কৰাৰ পিছতো গছৰ অস্বাভাৱিক শিপাকলৈ ৰাইজৰ মাজত অব্যাহত চাঞ্চল্যৰ বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in