সাহাৰ্য দিবলৈ মাতি বিমুখ ক্ষতিগ্ৰস্ত গঞা,দুখনমান টাৰ্পলিন যোগান ধৰিয়েই দায় সাৰিছে এম এ চিয়ে…

সাহাৰ্য দিবলৈ মাতি  বিমুখ ক্ষতিগ্ৰস্ত গঞা,দুখনমান টাৰ্পলিন যোগান ধৰিয়েই দায় সাৰিছে এম এ চিয়ে…

ডিজিটেল সংবাদ,চিলাপথাৰ : ৪ নবেম্বৰত ধুমুহাৰ সৈতে অহা প্ৰলয়ংকাৰী শিলাবৃষ্টিয়ে কোবাই যোৱা নৈপৰীয়া গঞাৰ দুৰ্দশা আজিও অব্যাহত আছে ৷ দুৰ্যোগত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা চমকং পঞ্চায়ত খনৰ বিহীয়া, গৌজেনপুৰ, বিলপাৰ ,লামাজান বিহীয়া, হাউলী,বিলপাৰ কাংকান,ব্ৰহ্মপুৰ,বান্তৌ,নাৰায়ন পুৰ,ডিমৰু গুৰি আদি কুৰিখন গাওঁৰ তিনি শতাধিক পৰিয়ালৰ চুৰমাৰ হোৱা ঘৰ বাৰী মেৰামতিৰ বাবে দিবা নৈশ এককাৰ কৰিছে ক্ষতি গ্ৰস্তই ৷ এই দুৰ্যোগত বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল বহুতৰে শষ্যৰ ভঁড়াল ৷ ওপৰত বিৰাটকায় গছ বাগৰি ভাগি পৰা কেইবাখনো বিদ্যালয় আৰু অংগনবাদী গৃহৰ অৱস্থা আজিও অতিশয় দুখলগা হৈ আছে ৷

দুৰ্যোগৰ আজি চতুৰ্থ দিনাও ব্যাহত হৈ আছে বিদ্যুত সেৱা ৷ শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হ'ল শ-শ বিঘা ধাননি পথাৰৰ অৱস্থা প্ৰত্যক্ষ কৰি হুমুনিয়াহ কাঢ়িছে গঞা ৰাইজ ৷ ইপিনে দুৰ্যোগৰ চাৰিটা দিনৰ পিছতো প্ৰশাসনে আক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য প্ৰদান নকৰাৰ ৰাজহুৱা অভিযোগ উঠিছে ৷ আক্ৰান্ত অঞ্চল ভ্ৰমন কৰি সাহাৰ্য প্ৰদানৰ বৰ বৰ ভাষণ দিয়া নেতা পালিনেতাই কালি দুখনমান সামান্য টাৰ্পলিন দিয়েই দায় সাৰিছে বুলি ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

স্থানীয় বিধায়কে আক্ৰান্ত ৰাইজক সাক্ষাৎ কৰি সৰ্বতো প্ৰকাৰে সহায়ৰ কথা দি যায় যদিও পিছত কোনো খা খবৰ লোৱা নাই ৷ সাহাৰ্যৰ নামত এপাচি শাকত এটা জালুক স্বৰুপ দুটামান পৰিয়ালক টাৰ্পলিন দিবলৈ মাতি নিয়াৰ পিছতো বিমুখ কৰাৰ অভিযোগ তুলিছে গঞাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in