নগাঁৱৰ পুৰণিগুদামত বিধায়ক শিলাদিত্যৰ প্ৰতিকৃতি দাহ…

নগাঁৱৰ পুৰণিগুদামত বিধায়ক শিলাদিত্যৰ প্ৰতিকৃতি দাহ…

ডিজিটেল সংবাদ,চামগুৰি: সততে বিভিন্ন সময়ত বিভিন্ন বিৰ্তকিত মন্তব্য কৰি অহা হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এইবাৰ বৃহস্পতিবাৰে দুপৰীয়া নগাঁৱৰ পুৰণিগুদামত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।

হোজাইৰ বিধায়ক গৰাকীয়ে আজান পীৰ চাহাবৰ বিৰুদ্ধে কৰা কটু মন্তব্যৰ বাবে বিধায়ক শিলাদিত্যক ধিক্কাৰ দিয়াৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি গৰীয়া-মৰিয়া দেশী পৰিষদৰ প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক শিলাদিত্যৰ প্ৰতিকৃতি দাহ কৰে ।

আনহাতে প্ৰতিবাদকাৰীসকলে বিধায়ক শিলাদিত্যক অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে আজান পীৰ চাহাবৰ ওপৰত কৰাৰ দৰে পুনৰ কটু মন্তব্য কৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in