শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...

শ্ৰীদেৱী যদি আজি জীয়াই থাকিল হেতেন…

277

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি জন্মদিন। ১৯৬৩চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল এইগৰাকী অভিনেত্ৰীৰ।

২০১৮চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত আকষ্মিকভাৱে মৃত্যু হোৱা শ্ৰীদেৱী জীয়াই থকা হ’লে আজি ৫৪ বছৰীয়া হ’ল হেতেন। অভিনয়ৰ জৰিয়তে দৰ্শকৰ আপোন হৈ পৰা এই মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিনত বিশেষভাৱে সোঁৱৰণ কৰিলে তেওঁৰ কন্যা জাহ্নবী কাপুৰে।

ছ’চিয়েল মিডিয়া ইনষ্টাগ্ৰামত জাহ্নবীয়ে পুৱাই এখন পুৰণি ফটো আপলোড কৰিছে। যিখন ফটোত মাক শ্ৰীদেৱী আৰু পিতৃ বণী কাপুৰৰ সৈতে আছে জাহ্নবী। আৰু এই ফটোখনৰ তলত জাহ্নবীয়ে লিখিছে- ‘জন্মদিনৰ শুভেচ্ছা মা’।

কাপুৰ পৰিয়ালৰ বাবে এই দিনটো আছিল বিশেষ দিন। কিন্তু তেওঁৰ মৃত্যুৰ পাছত প্ৰথম জন্মদিনত সেই পৰিৱেশ এতিয়া নাই কাপুৰ পৰিয়ালত। শ্ৰীদেৱীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৬খনকৈ শ্ৰীদেৱীৰ ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।

তাৰে এখন নতুন দিল্লীত থকা ফ্লিম ডিভিজন অডিট’ৰিয়ামত প্ৰদৰ্শন কৰা হ’ব। আন ৫খন শ্ৰীদেৱীৰ ছবি বিভিন্ন স্থানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি