অব্যক্ত ভালপোৱা

অব্যক্ত ভালপোৱা

♦ পৰিণীতা কলিতা

ৰাতিপুৱাৰ পৰাই ৰান্ধনী ঘৰৰ পৰা শোৱনী কোঠা, শোৱনী কোঠাৰ পৰা ৰান্ধনী ঘৰলৈ তাত-বাতি কাঢ়িছো৷ বিয়াৰ সাত বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শ্ৰী মতী মানে বনানী মাক হ'বলৈ ওলাইছে? তিনিদিন ধৰি বমি আৰু প্ৰচণ্ড মূৰৰ বিষত তেওঁৰ অৱস্থা কাহিল হৈ পৰিছে৷ দুপৰীয়া ভাত দুটামান জোৰকৈ খোৱাই শুবলৈ কৈ দুপৰীয়াৰ বাচন-বৰ্তন ধুব ধৰিছিলো ৷ তেওঁৰ মাত শুনি ল'ৰালৰিকৈ বিচনাৰ কাষ পালোগৈ…

বনানীয়ে মোক দেখাৰ লগে-লগেই কৈ উঠিল?

-মোৰ মূৰটো বেছিকৈ বিষাইছে। অলপ মালিচ কৰি দিয়াচোন?

-এতিয়া অলপ ভালপাইছানে বনানী?

-উম প্ৰণৱ৷ এটা কথা কোৱাচোন? মোৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে ন'? মোৰ লগত লাগি থাকিবও লগা হৈছে, অফিচতো খতি হৈছেই, তাতে ভূতৰ ওপৰত দানহ পৰাদি আকৌ পাকঘৰটোৱো অকলেই চোৱাচিতা কৰিব লগা হৈছে৷

-ধেত, তুমি ইমান চিন্তা কৰিব নালাগে নহয় ৷ মই সকলো পাৰিম, তুমি মাত্ৰ আমাৰ আহিবলগীয়া সন্তানটোৰ কাৰণে কুশলে থাকিলেই হ'ল, তুমি শুৱা এতিয়া!

বিচনাৰ পৰা নামি আহিব খুজোতেই পিচফালৰ পৰা বনানীয়ে মোৰ হাতত ধৰোঁতেই মই থতমত খাই উঠিলো৷ বনানীয়ে কৈ উঠিলে- "অলপ সময় থাকাচোন প্ৰণৱ মোৰ কাষত।"

অনিচ্ছাসত্বেও বনানীৰ ওচৰত বহি ৰ'লো৷ আচলতে বনানীৰ আগত আজিও অসহজবোধ সময়বোৰ মোৰ বাবে, কাৰণ বনানীৰ প্ৰতি কোনো ভালপোৱা নাথাকিলেও স্ত্ৰী হিচাপে স্থান দিবলগা হৈছিল বনানীক, যিখিনি ঠাই মোৰ প্ৰেয়সী মায়াই আগুৰি আছিল, অনিচ্ছাসত্বেও বনানীক বিয়া কৰায়ো সেই ঠাই এৰি দিব পৰা নাছিলো বনানীৰ বাবে কেতিয়াও।

বনানীয়ে অনুচ্চ সুৰত কিবা এটা কৈছিল, মই ধৰিব পৰা নোৱাৰা বাবে আকৌ সুধি পেলাইছিলো-

– কি কৈছা বনানী?

-তুমি সুখীনে প্ৰণৱ?

– বহুত সুখী বনানী,কিয় সুধিছা?

-সচাঁকৈ কোৱাচোন?

-সচাঁকৈ কৈছো!

-মোক ভালপোৱা ন প্ৰণৱ? সুখী ন মোক লৈ,তোমাক যে সদায়েই অন্য মনস্ক হৈ উঠা দেখোঁ, তুমি মায়াক এতিয়াও পাহৰিব পৰা নাই নেকি ?

-ধেৎ, ভালপাও বহুত তোমাক আৰু তোমাৰ মৰমে মোক মায়াক মনত কৰি থাকিব দিবনে ? তুমি এইবোৰ এনেয়ে চিন্তা নকৰিবা, এতিয়া তোমাক আৰু আমাৰ সন্তানটোক কুশলে ৰখাতেই মই সুখী৷

তাৰ পিচত এয়া পৰম প্ৰশান্তিত বনানীয়ে মোৰ বুকুত মূৰ গুজি আলফুলে শুই আছে আৰু মই এটোপালকৈ এটোপালকৈ পানীৰ স্পৰ্শঅনুভৱ কৰিছো লাহে লাহে…

আজি ষোল্লটা বছৰে বুকুৰ গোপন স্থানত খোপনি পুতি থকা মায়াজনীক বিচাৰিছিলো চিৰদিনেই এনেকৈয়ে মোৰ নোমাল বুকুত মূক গুজি শুই থকাটো আৰু এতিয়া? আঘাতত ক্ষত বুকুৰ প্ৰতিটো কোণ! সেয়া খুলি ক'ব নোৱাৰাকৈয়ে আৱদ্ধ বুকুৰ মাজতেই…

মনৰ ভিতৰতে বনানীক উদ্দ্যেশি কৈ উঠিলো, মোক ক্ষমা কৰিবা বনানী, তোমাৰ প্ৰতি মোৰ আন্তৰিকতা, বিশ্বাস, মৰমৰ কোনোদিনেই অভাৱ নহ'ব৷ কিন্তু ভালপোৱা? সেয়া যে কোনোদিনেই নোৱাৰিম…

ভালপোৱাবোৰ প্ৰতিটো দিনেই অব্যক্ত হৈ ৰ'ব তোমাৰ বাবে বনানী…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in