শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰাম দেৱৰ আলু গুডামত শিৱসাগৰ আৰক্ষীৰ অভিযান…

শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰাম দেৱৰ আলু গুডামত  শিৱসাগৰ আৰক্ষীৰ অভিযান…

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত নিষিদ্ধ লালী গুড়ক লৈ দীৰ্ঘদিন ৰমৰমীয়া ব্যৱসায় চলাই অহা এটা কূখ্যাত চক্ৰৰ ঘাটীত অৱশেষত চলিল শিৱসাগৰ আৰক্ষীৰ অভিযান ৷শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টী আনন্দৰাম বৰুৱা উদ্যাণৰ সমীপৰ পৰাই আলু পিঁয়াজৰ গুদামৰ নামত বছৰ বছৰ ধৰি মাৰাত্মক লালী গুড়ৰ ব্যৱসায় চলাই থকা কূখ্যাত চক্ৰটোৰ ঘাটীত আৰক্ষীৰ সফল অভিযান চলাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷শিৱসাগৰৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বিক্ৰমপুৰ চাৰিআলিৰ সমীপত চলোৱা অভিযান কালত এই বৃহৎ পৰিমাণৰ লালী গুড় মজুত ৰখা চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয় ৷

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এখন মিনি ট্ৰাকত অজ্ঞাত স্থানৰ এটা চুলাই ঘাটীলৈ বোজাই কৰি নিবলৈ লোৱাৰ সময়তেই বিশ কুইন্টল লালী গুড় জব্দ কৰাৰ লগতে লালী মাফিয়া তথা বিতৰ্কীত ব্যৱসায়ী ভোলা চাহুক আটক কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে এএচ ০৪ বি চি ৭৪১৫ নম্বৰৰ মিনি ট্ৰাক খনৰ চালক নিতুল গগৈকো আটক কৰে ৷

প্ৰাপ্ত বাতৰি মতে বিক্ৰমপুৰ তিনি আলিৰ সমীপত প্ৰায় এবিঘা মাটি কালিৰ এটা বৃহত গোদাম আছে ৷ৰাম দেৱৰ আলু পিয়াজৰ গুডাম হিচাবে পৰিচিত গোডামটোৰ স্বত্বাধিকাৰী হল পৰমেশ্বৰ ঝা ৷এই গোডামটোতেই শেহতীয়াকৈ দীৰ্ঘ সময়ধৰি মাৰোৱাৰী পট্টীৰ ভোলা চাহুৱে লালী গুৰৰ গোডাম হিচাবে ব্যৱহাৰ কৰি আহিছিল ৷ অভিযোগ অনুসৰি বিহাৰ, কলিকতা, উত্তৰ প্ৰদেশৰ পৰা নিয়মিত অহা বৃহৎ বৃহৎ আলু পিঁয়াজ পৰিবাহী ট্ৰাক, টেইলাৰ সমুহত গোপনে ভোলা চাহুৰ নেতৃত্বত নিষিদ্ধ লালী গুৰ সৰৱৰাহ হৈ আহিছিল ৷

উত্তৰ প্ৰদেশৰ হাৱপুৰ জিলাৰ পৰা বিগত সপ্তাহত অহা কেইবা লক্ষাধিক টকাৰ লালী গুৰ ধৃত ভোলা চাহুৱে ডিমৌ, ৰাজমাই, চেপন, খৰাহাট, গেলেকী, সোণাৰীকে ধৰি ভিন্ন স্থানৰ চুলাইৰ ঘাটীলৈ প্ৰেৰণ কৰি আহিছিল ৷মাত্ৰ ৪ দিনৰ পুৰ্বে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত লালী গুৰ নিষিদ্ধকৰণৰ পুৰ্বৰ নিৰ্দেশ নৱীকৰণেৰে পুণৰ বাহাল থকাৰ মাজতো নিতৌ চুলাইৰ ঘাটীলৈ লালী গুড় সৰৱৰাহ হৈ থকাৰ সন্দৰ্ভদ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই চলোৱা গোপন অনুসন্ধানৰ সময়তেই পোহৰলৈ আহিছিল ৰাম দেৱৰ গোডামৰ পৰাই লালী গুৰৰ নিষিদ্ধ ৰমৰমীয়া ব্যৱহায় চলি থকাৰ তথ্য ৷

এই তথ্যৰ ভিত্তিতেই আৰক্ষীৰ দলটোৱে আজি লালী গুড়ৰ বোজাই কৰি ওলাই আহোতেই মিনি ট্ৰাক সহ চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ লগে লগেই ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ গোডামটোৰ কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে গোডামটো চীল কৰি দিয়ে ৷ অনুসন্ধানৰত আৰক্ষীৰ সন্মুখত পৰমেশ্বৰ ঝাৰ পত্নীয়ে দীৰ্ঘ সময়ধৰি ভোলা চাহু নামৰ ব্যৱসায়ীটোৱে গোডাম ঘৰটোত গুড় জমা কৰি ৰখাৰ কথা স্বীকাৰ কৰিছে ৷

আৰক্ষীয়ে দুয়োটা ব্যৱসায়ীৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি আনুষ্ঠানিক ভাৱে গ্ৰেপ্তাৰ কৰা লালী মাফিয়া ভোলা চাহু আৰু লালী গুড় পৰিবাহী মিনি ট্ৰাকৰ চালক চালক নিতুল গগৈক কাইলৈহে আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in