মাটিৰ তলত আছে আহোম যুগৰ গুপ্ত ধন ! আৰক্ষীৰ জালত পৰিল ধন বিচাৰি চলাথ কৰা ৬ জন..

মাটিৰ তলত আছে আহোম যুগৰ গুপ্ত ধন ! আৰক্ষীৰ জালত পৰিল ধন বিচাৰি চলাথ কৰা ৬ জন..


ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ জিলাৰ বেতবাৰী ২ নং চুমনি গাঁৱত গুপ্ত ধনৰ সন্ধানত নমা ৬ জন ব্যক্তি শিৱসাগৰ আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মাটিৰ তলৰ সঞ্চিত থকা আহোম যুগৰ গুপ্ত ধনৰ সন্ধানত নামি সদৰ থানাৰ আলহী হোৱা ব্যক্তি কেইজন ক্ৰমে তিলেশ্বৰ হীৰা (তেজপুৰ), ভাস্কৰ গগৈ (শিৱসাগৰ),সোণটো শেনছোৱা ( শিৱসাগৰ ) , দীন চাংমাই ( শিৱসাগৰ) ,বাবুল কোঁৱৰ ( শিৱসাগৰ ) আৰু ভবেন গগৈ ( আমগুৰি দেওৰজা ) ।

গুপ্তধন সন্ধানকাৰী দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা মেটেল ডিটেক্টৰ আৰু বেজালী কৰা সা-সামগ্ৰী আৰু তিনিখন বাহন। জব্দ কৰা বাহন কেইখন নম্বৰ প্লেট বিহীন এখন য়ামাহা এফ জেড বাইক , এখন হোণ্ডা ডিঅ' আৰু AS 04 R 6208 নম্বৰৰ এখন হিৰ' মেছট্ৰ' ।

কৰায়ত্ব কৰা দলটোক আৰক্ষীয়ে সদৰ সোধ-পোছ কৰাৰ পিছত সোমবাৰে আদালতত হাজিৰ কৰে । আদালতে কেউটা আচামীক কাৰাগাৰলৈ নিক্ষেপ কৰে ৷ গাওঁৰক্ষী বাহিনীয়ে ঘটনাৰ সন্দৰ্ভত সোমবাৰে পুৱা শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in