শেহতীয়া খবৰ
বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...

মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিধায়ক, ক’লে মোক অপহৰণ কৰা হৈছিল…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকতে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতি মুহুৰ্কতে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট।ইয়াৰ মাজতে খবৰ আহিছে যে শিৱসেনাৰ বিধায়ক নিতিশ দেশমুখ গুজৰাটৰ পৰা উভতি গৈছে মহাৰাষ্ট্ৰলৈ।

অভিযোগ উত্থাপন কৰি কয় যে তেওঁক অপহৰণ কৰা হৈছে।তেওঁ কয় যে তেওঁক অপহৰণ কৰি গুজৰাটৰ চুৰাটলৈ লৈ যোৱা হৈছিল আৰু তেওঁ কিবাকৈ পলাই আহিবলৈ সক্ষম হৈছে। তেওঁৰ সমৰ্থন এতিয়াও উদ্ধৱ থাকৰেৰ প্ৰতিয়েই আছে।

তেওঁ কয় যে মই “মই পলাই আহিছিলো আৰু পুৱা প্ৰায় ৩ বজাত ৰাস্তাত থিয় হৈ যাত্ৰা কৰিবলৈ চেষ্টা কৰি আছিলো। তেতিয়া এশৰো অধিক আৰক্ষী আহি মোক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায়। তেওঁলোকে মোৰ হাৰ্ট এটেক অহাৰ দৰে নাটক কৰিছিল”।

দেশমুখে কয় যে তেওঁক হস্পাতালত বেজীও দিয়া হৈছিল।তেওঁ কয় যে তেওঁক জোৰকৈ হস্পাতালক লৈ যোৱা হৈছিল।

লগতে কয় যে তেওঁ নিশ্চিত ৰূপত উদ্ধৱ থাকৰেৰ লগত আছে।উল্লেখ্য যে,দেশমুখৰ পত্নীয়ে মঙলবাৰে তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল।

প্ৰতিমূহুৰ্ততে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। ইতিমধ্যে প্ৰায় ৪০ গৰাকী বিধায়ক গুৱাহাটীত বাহৰ পাতিছে লগতে আন ৪ গৰাকী বিধায়ক আহি পাবহি সন্ধিয়া প্ৰায় ৫ বজাত। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিকত হ’ব বিসম্বাদী মন্ত্ৰী বিধায়ক সকলৰ সৈতে।

আৰু পঢ়ক: দৰং জিলাত পুনৰ তিনি দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ…