‘সৃষ্টিৰ পদাতিক’ৰ সম্বৰ্ধনা-বঁটা প্ৰদান অনুষ্ঠানঃ ‘অসমীয়া প্ৰতিদিন’ৰ ধেমাজি সদৰৰ সংবাদাতালৈ গ্ৰাম্য সাংবাদিকতা বঁটা…

‘সৃষ্টিৰ পদাতিক’ৰ সম্বৰ্ধনা-বঁটা  প্ৰদান অনুষ্ঠানঃ ‘অসমীয়া প্ৰতিদিন’ৰ  ধেমাজি সদৰৰ সংবাদাতালৈ গ্ৰাম্য সাংবাদিকতা বঁটা…

ডিজিটেল ডেস্কঃ যোৱা ২৯ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় এক গাভীৰ্যপূৰ্ণ বটাঁ প্ৰদান অনুষ্ঠান। গুৱাহাটী কেইবাটাও অগ্ৰণী সংস্থা সৃষ্টিৰ পদাতিক, নুনমাটি কবি সমাজ, সৃষ্টিৰ পদাতিক শাখা সাহিত্য সভা আৰু দক্ষিণায়ন গোষ্ঠীৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত বহুকেইগৰাকী ভিন্ন ক্ষেত্ৰৰ লোকক বটাঁ প্ৰদান কৰা হয়।

অসমৰ বিভিন্ন জিলাৰ সাহিত্যিক, সাংবাদিক,কবি,আৰু বিশিষ্ট ব্যক্তি সকল উপস্হিত থকা অনুষ্ঠানৰ আৰম্ভনিতে মনিৰাম দাসৰ ভজনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয়৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে সৃষ্টিৰ পদাতিকৰ প্ৰধান সম্পাদক মদন চন্দ্ৰ মেধিয়ে। অসমৰ বিভিন্ন জিলাৰ ডেৰ শতাধিক বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰায় এক সহস্ৰাধিক লোকৰ উপস্থিতিত সাহিত্য-সাংস্কৃতিৰ লগতে সংবাদ সেৱাত জড়িত ৫২ বৰেন্য ব্যক্তিক বঁটা প্ৰদান কৰা হয়৷

এই অনুষ্ঠানতে বিগত প্ৰায় ২৩ বছৰ ধৰি সংবাদসেৱাৰ সৈতে জড়িত ধেমাজিৰ অশ্বিনী কুমাৰ দুৱৰাক গ্ৰাম্য সাংবাদিকতা বটাঁ প্ৰদান কৰা হয়। অসমীয়া প্ৰতিদিন কাকতৰ ধেমাজি সদৰ সংবাদাতা হিচাপে কৰ্মৰত দুৱৰা বৰ্তমান ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি। বহুকেইটা অনুষ্ঠানৰ সৈতে দুৱৰাই এই বটাঁ লাভ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে ধেমাজিবাসীৰ মৰম-আৰ্শীবাদৰ বাবেই এয়া সম্ভৱ হৈছে বুলি মত প্ৰকাশ কৰে। উল্লেখ্য যে, সৃষ্টিৰ পদাতিক, নুনমাটি কবি সমাজ, সৃষ্টিৰ পদাতিক শাখা সাহিত্য সভা আৰু দক্ষিণায়ন গোষ্ঠীয়ে প্ৰতিবছৰেই ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকক এনে বঁটা প্ৰদান কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in