মেঘালয় চৰকাৰৰ পৃষ্ঠপোষকতাত পুনৰ আৰম্ভ হ’ব তীৰ খেল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ তীৰ খেল।বহুতৰ জীৱন শেষ কৰা এই তীৰ খেল বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ অন্তত বন্ধ কৰা হৈছিল যদিও, মেঘালয় চৰকাৰে পুনৰ তীৰ খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে ঘোষণা কৰিলে যে, ৰাজ্যখনত পুনৰ আৰম্ভ কৰা হ'ব তীৰ খেল।

আন খেলবোৰৰ দৰেই তীৰ খেলো আৰম্ভ কৰিব বুলি ইংগিত দি তেওঁ কয়- চৰকাৰে অতি শীঘ্ৰেই ইয়াৰ অনুমতি প্ৰদান কৰিব। এতিয়া লুকাই-চুৰ কৰি তীৰ খেল অনুষ্ঠিত হয় অসম-মেঘালয় সীমান্তত। চৰকাৰী পৃষ্ঠপোষকতাত এই খেল পুনৰ আৰম্ভ হোৱাৰ পাছত খানাপাৰাকে ধৰা যোৰাবাট অঞ্চলত তীৰ খেলৰ অজস্ৰ কাউণ্টাৰ পুনৰ মুকলি হোৱাৰ সম্ভাৱনাই দেখা দিলে।

কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল মেঘালয়ৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিছিল। ৰাজ্যখনে তীৰ খেলৰ পৰাও সংগ্ৰহ কৰিছিল বৃহৎ সংখ্যক ৰাজহ। অৱশ্যে অসমত ইয়াৰ কু-প্ৰভাৱ পৰিলেও এই খেলৰ আছে ব্যাপক জনপ্ৰিয়তা।

এই খেল আৰম্ভ হোৱাৰ লগে লগেই লকডাউনে কোঙা কৰা শ্ৰমজীৱী লোকসকলৰ মাজত ইয়াৰ যথেষ্ট কুপ্ৰভাৱ পৰিব যদিও চৰকাৰে কেইটামান টকাৰ আশাত পুনৰ এই তীৰ খেল আৰম্ভ কৰিব খোজা কাৰ্যক সচেতন লোকসকলে সহজভাৱে লোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in