ওদালগুৰিত আক্ৰাছুৰ কেন্দ্ৰীয় চিলাৰায় দিৱস, পৃথক কমতাপুৰ ৰাজ্য, জনজাতিকৰণৰ দাবীৰে বিশাল শোভাযাত্ৰা…

ওদালগুৰিত আক্ৰাছুৰ কেন্দ্ৰীয় চিলাৰায় দিৱস, পৃথক কমতাপুৰ ৰাজ্য, জনজাতিকৰণৰ দাবীৰে বিশাল শোভাযাত্ৰা…

ডিজিটেল সংবাদ, ওদালগুৰিঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ওদালগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (অতুল গোট) সহযোগত ৫১০ সংখ্যক চিলাৰায় দিৱসটি ওদালগুৰিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়।

দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি চহৰৰ মাজমজিয়াস্থিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মণে, ৭:৩০ বজাত সাংস্কৃতিক পতাকা উত্তোলন কৰে কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী মনিকা ৰায়ে, ৮ বজাত চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় মূখ্য উপদেষ্টা সমীৰণ সিংহই, ৮:৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে ভক্ত সিংহই।

ইয়াৰ পাছত কেইৱা সহস্ৰাধিক লোকৰ উপস্থিতিত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। দিৱস উদযাপনস্থলীৰ পৰা উলিওৱা এই শোভাযাত্ৰাত জনগোষ্ঠীটোৰ লোকসকলে হাতে হাতে প্লেকাৰ্ড, ঢাল-তৰোৱাল লৈ "ন' এছটি ন' ৰেষ্ট, আমাক লাগে পৃথক কমতাপুৰ, ন' কমতাপুৰ ন' ৰেষ্ট, আমাক লাগে ন্যায়" শীৰ্ষক শ্লোগানেৰে শোভাযাত্ৰাটি উত্তাল কৰি তোলে। উক্ত শোভাযাত্ৰাটি ওদালগুৰিৰ গোলমাগাওঁ চক হৈ চহৰখনৰ মাজেৰে পাৰ হৈ পুনৰ উদযাপনস্থলীত সামৰণি পৰে।

এই শোভাযাত্ৰাৰ জৰিয়তে সংগঠনটোৱে কোচ ৰাজবংশী লোকসকলক জনজাতি মৰ্যদা প্ৰদানৰ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী জনায়। সাংবাদিকৰ আগত মত ব্যক্ত কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মণে কয় যে এইগৰাকী মহাবীৰ চিলাৰায়ে আমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। সেয়েহে তেখেতৰ ৫১০ সংখ্যক জন্ম জয়ন্তীটো আমি উলহ-মালহেৰে কেন্দ্ৰীয়ভাৱে ওদালগুৰিত পালন কৰা হৈছে। এই জন্ম জয়ন্তী উদযাপনেৰে সমূহ অসমৱাসীক এক বাৰ্তা দি তেওঁ কয় যে অসমৰ কলা-কৃষ্টি, সংস্কৃতি সৃষ্টি কৰি মহাপুৰুষ গুৰুজনাই যেনেদৰে অসমীয়া ভাষাক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰিছিল।

ঠিক তেনেদৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৱেও সকলোৰে সৈতে মিলাপ্ৰীতিৰে চিলাৰায়ৰ আদৰ্শৰে শান্তি-সম্প্ৰীতি আৰু কৃষ্টি সংস্কৃতি বজাই আগবাঢ়ি গৈছে। কিন্তু এই কোচ ৰজাৰ বসৱাসস্থলীত আমাৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবী হৈছে এক ন্যায্য দাবী। চৰকাৰে এই দাবী পালন নকৰালৈ আমাৰ অহৰহ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন চলি থাকিব। সকলো চৰকাৰে জনগোষ্ঠীটোক বছৰৰ পাছত বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে।

কোচ ৰজা শুক্লধ্বজ ৰায়ে থৈ যোৱা কমতাপুৰ ৰাজ্যখন এতিয়া কোচ ৰাজবংশী লোকসকলে বিচৰা বুলি উল্লেখ কৰি বৰ্তমানে জনগোষ্ঠীটো সকলো দিশতে লঞ্চিত বঞ্চিত হৈ থকা বুলি বৰ্মণে উল্লেখ কৰে। বিজেপি চৰকাখনে বাক স্বাধীনতা খৰ্ব কৰা বুলি উল্লেখ কৰি তেওঁ চৰকাৰৰ এই কণ্ঠ ৰোধৰ চেষ্টাক সফল হবলৈ নিদিও বুলি সকীয়নি প্ৰদান কৰি ন্যায্য প্ৰাপ্তি নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে।

আগন্তুক বিধানসভাৰ অধিৱেশনৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীটোৰ দাবীসমূহ পূৰণ নহ'লে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে। চিলাৰায় দিৱস উদযাপনস্থলীত উপস্থিত থাকি আক্ৰাছু(অতুল) গোটৰ কেন্দ্ৰীয় মূখ্য উপদেষ্টা সমীৰণ সিংহই কয় যে আজি এই মহান বীৰজনাৰ জন্ম জয়ন্তীটো আনন্দ উৎসৱৰ মাজেৰে পালন কৰিব লাগিছিল যদিও ইয়াৰ পৰিৱৰ্তে জনগোষ্ঠীটোৱে ন্যায্য প্ৰাপ্তিৰ দাবীত শোভাযাত্ৰাক আন্দোলনৰ ৰূপ দিবলৈ বাধ্য হৈছে।

জনগোষ্ঠীটো প্ৰতাৰিত হৈ হৈ শেষ সীমা চেৰাই যোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বাৰম্বাৰ চৰকাৰক জনজাতিকৰণৰ দাবী উত্থাপন কৰি অহাৰ পাছতো চৰকাৰে এই দাবীক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। চৰকাৰখনে গণতান্ত্ৰিক আন্দোলনকাৰীৰ কথা নুশুনি কেৱল সশস্ত্ৰ সংগঠনকাৰীৰ ভাষা বুজি পাই বুলি অভিযোগ কৰি সিংহই কয় যে কোচ ৰজাই গঠন কৰি যোৱা কমতাপুৰ ৰাজ্যত এতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল লাঞ্চিত-বঞ্চিত হৈ আছে।

এই অঞ্চলৰ বহুতো লোক এতিয়াও শৰণাৰ্থী শিৱিৰত দিন কটাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি জনগোষ্ঠীটোৰ দাবী পুৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ সদিচ্চা নোহোৱাৰ অভিযোগ উত্থাপন কৰে। যিসকল কোচৰাজবংশী জনগোষ্ঠীৰ লোক বিজেপি দলত আছে, তেওঁলোকক শীঘ্ৰে বিজেপি ত্যাগৰ আহ্বান জনাই মূখ্য উপদেষ্টা সমীৰণ সিংহই। ইয়াৰ পাছত বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া চিলাৰায় দিৱস উদযাপনস্থলীত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীও অনুষ্ঠিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in