বিৰল ব্যক্তিত্বৰ অধিকাৰীৰ মৃত্যুৱে ৰাজনীতি-সমাজ-সংস্কৃতি সকলো ক্ষেত্ৰকে কৰিছে শোকাকুল…

বিৰল ব্যক্তিত্বৰ অধিকাৰীৰ মৃত্যুৱে ৰাজনীতি-সমাজ-সংস্কৃতি সকলো ক্ষেত্ৰকে কৰিছে শোকাকুল…

ডিজিটেল ডেস্কঃ শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতে। বিয়লি প্ৰায় ৩.৫৫ বজাত ফৰ্টিছ এছকৰ্ট হাৰ্ট ইনষ্টিটিউটত মৃত্যু হয় কংগ্ৰেছ নেত্ৰীগৰাকীৰ। উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হৈ আছিল শীলা দিক্ষীত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুতৰাজনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলেও শোক ব্যক্ত কৰে।শীলা দিক্ষীতৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে শোক ব্যক্ত কৰি লিখে- 'শীলা দিক্ষীতজীৰ মৃত্যুৰ খবৰে লাভকৰি বহু দুখ লাগিল। তেওঁ এগৰাকী প্ৰভাৱশালী চৰিত্ৰৰ গৰাকী আছিল। দিল্লীৰ উন্নতিততেওঁৰ ভূমিকা বিশেষ আছিল…।'

কংগ্ৰেছ নেতা ৰাহুলগান্ধীয়ে কয়-' মই তেওঁৰ মৃত্যুৰ খবৰ শুনি আচৰিত হৈছো আৰু দুখ লাগিছে । তেওঁ কংগ্ৰেছ দলৰ এগৰাকী অতি প্ৰিয় জীয়াৰী। তেওঁৰ সৈতেমোৰ অতি সুসম্পৰ্ক আছিল।'

ইফালে, দিল্লীৰ বৰ্তমানৰমুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটাৰযোগে শোক ব্যক্ত কৰে। তেওঁ টুইটাৰত লিখে- 'মই তেওঁৰ মৃত্যুৰ খবৰ শুনি আচৰিত হৈছো। এয়া দেশৰ বাবে একঅপূৰণীয় ক্ষতি। দিল্লীৰ উন্নতিত তেওঁৰ যি ভূমিকা সেয়া কেতিয়াও পাহৰিব নোৱাৰি।'

প্ৰাক্তন প্ৰধানমন্ত্ৰীমনমোহন সিঙেও সংবাদমাধ্যমৰ আগত শীলা দিক্ষীতৰ মৃত্যুক লৈ শোক ব্যক্ত কৰে। প্ৰাক্তনপ্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- শ্ৰীমতি শীলা দিক্ষীতৰ মৃত্যুত কংগ্ৰেছ আৰু সমগ্ৰ দেশেএগৰাকী সত.. আৰু নিষ্ঠাবান নেত্ৰীক হেৰুওৱালে।  

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেয়েও কৰে টুইট। টুইটাৰত তেওঁ লিখিছে- শীলা দিক্ষীতৰ মৃত্যুৰ খবৰে বহু দুখ দিলে। তেওঁৰ মুখ্যমন্ত্ৰী ৰূপে থকা কাৰ্যকালত দিল্লীৰ পৰিৱৰ্তন হৈছিল। তেওঁৰ পৰিয়াল আৰু সহযোগীসকলৰ সৈতে মোৰ সমবেদনা সদায় আছে।

ৰাজনীতিৰ লগতে বলিউডৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে শিলা দিক্ষীতৰ মৃত্যুত ব্যক্ত কৰে শোক। জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে টুইটাৰত লিখে- 'এয়া বৰ দুখজনক যে শিলা দিক্ষীতজী আৰু আমাৰ মাজত নাই। তেওঁ নিজৰ কাৰ্যকালত দিল্লীক সম্পূৰ্ণ সলনি কৰিছিল…।'

অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰেও টুইটাৰযোগে লিখে- 'শ্ৰীমতি শীলা দিক্ষীতজী অতি নম্ৰ, নিষ্ঠাবান, সৎ আছিল। দিল্লীক সুন্দৰকৈ গঢ়াত তেওঁৰ ভূমিকা উল্লেখযোগ্য।' আৰু বহু কেইগৰাকী বলিউডৰ প্ৰযোজক, পৰিচালক, অভিনেতা-অভিনেত্ৰীয়ে শিলা দিক্ষীতৰ মৃত্যুত শোক ব্যক্ত কৰে।

উল্লেখ্য যে, দেওবাৰে দিনৰ ২.৩০ বজাত দিল্লীৰ নিগম বোধ ঘাটত শীলা দিক্ষীতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ইফালে, শনিবাৰে সন্ধিয়া ৬ বজাত তেওঁৰ নশ্বৰ দেহ নিজামুদ্দীনস্থিত তেওঁৰ বাসগৃহলৈ লৈ যোৱা হয়। আৰু অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বেৰ দেওবাৰে পুৱা ভাগত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ'ব তেওঁৰ নশ্বৰ দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in