শংকৰ সংঘৰ ফটোৱাঃ মুৰ্গী পালন কৰি সমাজচ্যুত হ’ল শিক্ষিত নিবনুৱা…

শংকৰ সংঘৰ ফটোৱাঃ মুৰ্গী পালন কৰি সমাজচ্যুত হ’ল শিক্ষিত নিবনুৱা…

ডিজিটেল সংবাদ মৰিয়নি: এইবাৰ পুনৰ বিৰ্তকলৈ আহিছে উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। মুৰ্গী পালন কৰি পৰিয়াল পোহপাল দিয়া এগৰাকী ব্যক্তিলৈ ফটোৱা জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই।মৰিয়নিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলেং পিঠাখোৱা প্ৰাথমিক শাখাৰ সম্পাদক পংকজ গগৈলৈ সংঘৰ চেলেং আঞ্চলিকে জাৰি কৰিছে এই ফটোৱা।

মুৰ্গী পালন কৰিলে সমাজচ্যুত হবৰ বাবে পংকজ গগৈলৈ জাৰি কৰিছে এই জাননী।উল্লেখ্য যে কোনো চৰকাৰী সংস্থাপন নথকাৰ বাবে নিজ গৃহত মুৰ্গী পালনেৰে পৰিয়াল পোহপাল দিয়া সংঘৰ প্ৰাথমিক শাখাৰ এগৰাকী বিষয়ববীয়াক এনেদৰে জাননি দিয়া কাৰ্যই স্তম্ভিত কৰি তুলিছে পংকজ গগৈৰ পৰিয়ালটোক।

বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি সমন্বয় বাৰ্তা বিলোৱা শংকৰদেৱ গুৰুজনাৰ ধৰ্মীয় উদাৰতাৰ বিপৰীতে শংকৰদেৱ সংঘৰ এনেধৰনৰ ধৰ্মীয় কঠোৰতাই নিশ্চিতভাৱে গুৰুজনাৰ মহানতাৰ এক বিপৰীত ছবি দাঙি ধৰিব।সংবিধানৰ দোহাই দি এনেদৰে সংঘৰ এগৰাকী সভ্যলৈ শ্ৰীমন্ত শংকৰ সংঘৰ চেলেং আঞ্চলিকে ফটোৱা জাৰি কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in