আকাশীগংগাৰ তীৰত নিশাই দেৱবাদ্য আৰু হৰিধ্বনিৰ মাজত পঞ্চভূতত বিলীন হ’ল শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ… VIDEO

আকাশীগংগাৰ তীৰত নিশাই দেৱবাদ্য আৰু হৰিধ্বনিৰ মাজত পঞ্চভূতত বিলীন হ’ল শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ… VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশাই বটদ্ৰৱাবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকা পৰমানন্দ দেৱমহন্তই। ১৯২৫ চনত জন্মগ্ৰহণ কৰা পৰমানন্দ দেৱমহন্তই চিৰকৌমাৰ্য ব্ৰত গ্ৰহণ কৰি, আজীৱন গুৰুসেৱাত ব্ৰতী হৈ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰতেই উৎসৰ্গা কৰিলে জীৱন।

মঙলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা হেজাৰ হেজাৰ শিষ্য পশিষ্যক এৰি থৈ স্বৰ্গগামী হোৱাত সমগ্ৰ বটদ্ৰৱাৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। মঙলবাৰে নিশা বটদ্ৰৱা শলগুৰি সত্ৰৰ ভকত বৈষ্ণৱে উৰুকাৰ ভোজ ত্যাগ কৰি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেথেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে গায়ন বায়নে কল্যাণ খৰমান গীত গাই বটদ্ৰৱাৰ থান চৌহদৰ কাষেৰে সমদল কৰি তেওঁৰ নশ্বৰ দেহ পবিত্ৰ আকাশীগংগাৰ পাৰলৈ কঢ়িয়াই নিয়ে।

থানৰ ভক্ত বৈষ্ণৱ আৰু আইমাতৃসকলৰ লগতে বৃহৎ সংখ্যক যুৱক আৰু শিশু-কিশোৰেও তেওঁৰ এই অন্তিম যাত্ৰাত ভাগ লয়। বটদ্ৰৱা থান এলেকাত উৰুকাৰ ভোজ-ভাতৰ আয়োজন কৰাসকলেও এয়া বন্ধ কৰি সত্ৰাধিকাৰগৰাকীৰ অন্তিম যাত্ৰাত অংশ লয়। নিশা প্ৰায় ১২ বজাত আকাশীগংগাৰ পাৰতে হৰিধ্বনিৰ মাজত তেওঁৰ অন্তিমসৎকাৰ সম্পন্ন কৰা হয়। শংকৰদেৱৰ কৃস্তি-সংস্কৃতিৰ নিৰন্তৰ সাধক ৯৩ বছৰীয়া উদাসহীন সন্ত্ৰাধিকাৰগৰাকীৰ আকস্মিক মৃত্যুৱে সমগ্ৰ বটদ্ৰৱা থান চৌহদত ভোগালী বিহুৰ আনন্দৰ পৰিৱৰ্তে বুধবাৰেও সকলোকে শোকগ্ৰস্ত কৰি ৰাখে।

আনহাতে, সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ পৰলোকত গভীৰ শোক প্ৰকাশ কৰিছে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া প্ৰাক্তন আই এ এছ বিষয়া হৰেণ মহন্ত, বটদ্ৰৱা প্ৰেছ ক্লাৱ, শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকা আৰু প্ৰধান সম্পাদকৰ লগতে নগাঁও জিলা সত্ৰৰ মহাসভাকে ধৰি বিভিন্ন ব্যক্তি, সংগঠন তথা সাংস্কৃতিক অনুষ্ঠানে। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষা আঙুৰলতা ডেকায়ো বৈষ্ণৱ পণ্ডিতগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in