শেহতীয়া খবৰ

অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়ৰ মেনেজাৰৰ কাপোৰত লাগিল জুই, শ্বাহৰুখ খানে ৰক্ষা কৰিলে প্ৰাণ…

299

ডিজিটেল ডেস্কঃ বলিউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানে প্ৰমাণ কৰিলে যে কেৱল ছবিজগততে নহয়, বাস্তৱতো তেওঁ এজন হিৰ’। দৰাচলতে, দীপাৱলী উদযাপনৰ বাবে বিগ বি অমিতাভ বচ্চনৰ বাসগৃহত অনুষ্ঠিত এক পাৰটিত উপস্থিত হৈছিল বলিউডৰ কেইগৰাকীও তাৰকা। সেই সময়তে সংঘটিত হয় এক অঘটনা।

জনপ্ৰিয় অভিনেতা তথা অমিতাভ বচ্চনৰ বোৱাৰী ঐশ্বৰ্য্য ৰায়ৰ মেনেজাৰ অৰ্চনা সদানন্দৰ কাপোৰত লাগে জুই। জুই লগাৰ পাছত সকলো শংকিত হৈ পৰে। কিন্তু শ্বাহৰুখ খানে তেওঁৰ কাপোৰত লগা এই জুই নুমুৱাই। বলিউড লাইফৰ সমীক্ষা অনুসৰি, ২৮ অক্টোবৰ পুৱা সংঘটিত হৈছিল এই ঘটনা। আৰু সেই সময়ত অমিতাভ বচ্চনৰ বাসগৃহত বহু লোক উপস্থিত নাছিল।

এই ঘটনাত অৰ্চনা সদানন্দ কিছু আহত হৈছে আৰু তেওঁক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মহিলাগৰাকীৰ হাত-ভৰিৰ প্ৰায় ১৫ শতাংশ অংশ জ্বলি গৈছে। ইফালে, এই ঘটনাৰ পাছত বলিউডৰ পৰিচালক ফাৰহা খানে এটা টুইট কৰিছে য’ত তেওঁ অৰ্চনা সদানন্দ শীঘ্ৰে সুস্থ হোৱাৰ কামনা কৰাৰ লগতে শ্বাহৰুখ খানৰ প্ৰশংসাও কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি