আজৱ! একেলগে ৬ টা সন্তান জন্ম দিলে এগৰাকী মহিলাই…

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই একেলগে যমজ অথবা ৩ টা সন্তান জন্ম দিয়া ঘটনাত বৰ্তমান আচৰিত হ'বলগা একো নাই। কিন্তু একেলগে ৬ টা সন্তান জন্ম দিয়া ঘটনা কেতিয়াবা শুনিছেনে? আচৰিত যেন লাগিলেও শেহতীয়াকৈ পোলেণ্ডত এগৰাকী মহিলাই একেলগে জন্ম দিলে ৬ টা সন্তান।

প্ৰাপ্ত খবৰ অনুসৰি, উত্তৰ পোলেণ্ডত এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। জন্ম হোৱা ৬ টি শিশুৰ ভিতৰত ৪ টা লৰা আৰু ২ টা ছোৱালী। অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে জন্ম হোৱা এই শিশুকেইটাৰ ওজন ৮৯০ গ্ৰামৰ পৰা ১.৩ কি:গ্ৰামৰ ভিতৰত।

বৰ্তমান আটাইকেইটি শিশুৰ স্বাহ্য সুস্থ যদিও চিকিৎসকে সজলোৰে ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।' চিকিৎসালয়খনৰ এজন চিকিৎসকে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, পোলেণ্ডত এনে ঘটনা প্ৰথম বাৰলৈ হৈছে।' আনহাতে পোলেণ্ডৰ ৰাষ্ট্ৰপতিয়েও টুইটাৰ যোগে পিতৃ-মাতৃ, চিকিৎসকক শুভেচ্ছা প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in