স্বচ্ছতাক মোডীতকৈও গুৰুত্ব দিয়া সাত বছৰীয়া হানিফাৰ কাহিনী

স্বচ্ছতাক মোডীতকৈও গুৰুত্ব দিয়া সাত বছৰীয়া হানিফাৰ কাহিনী

ডিজিটেল ডেস্কঃ মোডী চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানে স্পৰ্শ কৰিব নোৱাৰা এটা দৰিদ্ৰ পৰিয়ালৰ ৭ বছৰীয়া এজনী ছোৱালীৰ কাহিনী শুনিলে আপুনি আচৰিত হ'ব। 'টয়লেটঃ এক প্ৰেম কথা'ৰ কাহিনীতকৈও ওপৰৰ এই বাস্তৱ কাহিনী। ৭ বছৰীয়া ছোৱালীজনীৰ নাম হানিফা জাৰা।

তামিলনাডুৰ এখন ভিতৰুৱা গাঁৱত ঘৰ হানিফাৰ। গাঁওখন ঢুকি পোৱা নাই মোডীৰ স্বচ্ছ ভাৰত অভিযানে। আজিও যাৰ বাবে গাঁৱৰ অধিকাংশ মানুহেই মুকলি ঠাইত বহি মলত্যাগ কৰি আহিছে। এই গাঁওখনৰে এটা দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা হানিফাই কিন্তু অইনৰ দৰে মুকলিকৈ বাহিৰলৈ যাবলৈ বেয়া পায়। কণমানি বয়সতে তাই স্বচ্ছতাৰ কথা বুজে। বুজে শৌচালয় এটাৰ প্ৰয়োজনৰ কথা। সেয়ে নাৰ্চাৰীত পঢ়ি থকাৰ সময়তে তাই পিতৃক এটি শৌচালয় নিৰ্মাণ কৰি দিবলৈ খাটনি ধৰে।

কন্যাৰ দাবীত পিতৃ এহছানউল্লাহে ঘৰত শৌচালায় নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও কন্যাৰ ওচৰত তেওঁ এটা চৰ্ত ৰাখে। চৰ্তটো হ'ল- যদি শৌচালয় লাগে তেন্তে হানিফাই স্কুললৈ যাবলৈ এৰি দিব লাগিব। যদি স্কুললৈ যায়, তেন্তে শৌচালয় নিৰ্মাণ কৰা নহ'ব। ইয়াৰ কাৰণ হৈছে দৰিদ্ৰ পিতৃৰ অসামৰ্থতা। কন্যাক স্কুললৈ পঠিয়াই এটা শৌচালয় নিৰ্মান কৰিব পৰা সামৰ্থ এহছানউল্লাহৰ নাই। গতিকে কন্যাৰ শিক্ষাৰ নামত ব্যয় হোৱা ধন ৰাহি কৰি শৌচালয় নিৰ্মাণ কৰিব নিশ্চয় পাৰিব।

৭ বছৰীয়া কণমানি হানিফাৰ ওচৰত আছিল দুটা পচন্দ। শিক্ষা নতুবা শৌচালয়। শিক্ষাই জ্ঞানী কৰে। কিন্তু এটা শৌচালয় নথকা লোক কিমান সভ্য? যদি ৰান্ধিবলৈ পাকঘৰ লাগে, তেন্তে শৌচাগাৰৰো সিমানেই প্ৰয়োজন। অৱশেষত হানিফাই শিক্ষাতকৈ এটা শৌচাগাৰৰ প্ৰয়োজন অধিক বুলি মানি লৈ স্কুল এৰিবলৈ মান্তি হয়। এয়া দুবছৰ আগৰ কথা।

দুটা বছৰে এটা শৌচালয়ৰ আশাত অপেক্ষা কৰি আছে হানিফাই। যেতিয়াই তাই পিতৃক শৌচালয় নিৰ্মাণৰ কথা কয়, তেতিয়াই দৰিদ্ৰ পিতৃয়ে এটা নতুন প্ৰতিশ্ৰুতি দি হানিফাৰ মুখ বন্ধ কৰি ৰাখে। কিন্তু পিতৃৰ এই প্ৰতিশ্ৰুতিয়ে দুটা বছৰে এটা শৌচালয় নিৰ্মাণ নকৰাত অৱশেষত ক্ষুব্ধ হৈ পৰে হানিফা। তাই মাতৃক লগত লৈ ন্যায় বিচাৰি আৰক্ষীৰ দাৰস্থ হয়। পিতৃৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি হানিফাই কয় যে তাইক তাইৰ পিতৃয়ে দুটা বছৰ ধৰি এটা শৌচাগাৰৰ নামত প্ৰৱঞ্চনা কৰি আহিছে। গ্ৰেপ্তাৰ কৰা হওঁক তাইৰ পিতৃক।

ইফালে, আৰক্ষীৰ ওচৰত হানিফাৰ অভিযোগৰ পিছত আৰক্ষীয়ে পিতৃ এহছানউল্লাহক থানালৈ মাতি পঠিয়াই। থানালৈ আহি এহছানে কন্যাৰ অভিযোগৰ বিষয়ে শুনি হতচকিত হৈ পৰে। কন্যাৰ অভিযোগক স্বীকাৰ কৰি এহছান উল্লাহে কয়- 'মই সুখী নে দুখী নাজানো যে আজি মোৰ কন্যাই মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। মই তাইক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছো সঁচা। কিন্তু মই আধা আধাকৈ হ'লেও এটা শৌচালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলো। কিন্তু অৰ্থৰ অভাৱত মই তাৰ কাম বন্ধ কৰি ৰাখিব লগীয়া হৈছে।'

ইফালে সাহসী হানিফাৰ স্বচ্ছতাৰ বাবে দিয়া যুঁজখনে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। কেন্দ্ৰত শাসনলৈ আহিয়েই মোডী চৰকাৰে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰি ঘৰে ঘৰে আধুনিক শৌচালয় নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰিছিল যদিও এই আঁচনিয়ে আজিও ঢুকি পোৱা নাই দেশৰ বিভিন্ন গ্ৰামাঞ্চল। ইউনিচেফৰ সমীক্ষা মতে, দেশৰ গ্ৰামাঞ্চলৰ প্ৰায় ৮৯ শতাংশ লোকে এতিয়াও মুকলি ঠাইত মলত্যাগ কৰে। অৱশ্যে এটা কথা ঠিক যে, উচিত শিক্ষাৰ অভাৱত বহু লোকে ঘৰত শৌচালয় থকা সত্বেও মুকলি ঠাইত শৌচ কৰি আহিছে। তেনে সকলৰ বাবে ৭ বছৰীয়া হানিফা জ্ঞান আৰু স্বচ্ছতাৰ এক নিদৰ্শন হিচাপে পৰিগণিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in