সেৱাব্ৰত বৰুৱালৈ অন্তিম শ্ৰদ্ধাঞ্জলি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ, বিহপুৰীয়াৰ নিজা বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন…

সেৱাব্ৰত বৰুৱালৈ অন্তিম শ্ৰদ্ধাঞ্জলি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ, বিহপুৰীয়াৰ নিজা বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন…

ডিজিটেল সংবাদ,বিহপুৰীয়া :  অসমীয়া নাট্যজগতৰ উজ্জ্বল নক্ষত্ৰ সেৱাব্ৰত বৰুৱাৰ দেওবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে বিয়োগ ঘটাত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰে। দেওবাৰে পুৱা পাচঁ বাজি ত্ৰিশ মিনিটত বাসত্তৰ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক তথা অভিনেতা সেৱাব্ৰত বৰুৱাই ৷ বিহপুৰীয়াৰ নিৰ্মাতা মুক্তিযুজাৰু প্ৰয়াত যোগেশ্বৰ বৰুৱাৰ বৰ পুত্ৰ তথা বিহপুৰীয়াবাসীৰ অতি মৰমৰ মিলু দা ৰ বিয়োগত শোকত ম্ৰীয় মান হৈ পৰিছে সমগ্ৰ বিহপুৰীয়াবাসী ৷


ভ্ৰাম্যমাণ নাট্য জগতত বালিঘৰ দখল,নাস্তিক,বলাৎকাৰ, পিঞ্জৰা,শৈশৱতে ধেমালিতে, মমতাৰ ছিঠি, লটকনৰ লটিঘটি, ৰং কিনিবা কোনে,দাদা,দখল-২,কিয় এনে হ'ল,দাবানল,বন্দী,মৰম যাচিব কোনে, আদি নাটকৰ জড়িয়তে নিজৰ খ্যাতি ৰাখিবলৈ সক্ষম হোৱা সেৱাব্ৰত বৰুৱাৰ বিয়োগে অপুৰণীয় ক্ষতি কৰিলে ভ্ৰাম্যমাণ নাট্য জগতৰ ৷


বিহপুৰীয়া মজলীয়া বিদ্যালয়,লোহিতডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়,উত্তৰ লখিমপুৰ মহাবিদ্যালয়,জেবি কলেজ আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা সেৱাব্ৰত বৰুৱাই অষ্টম শ্ৰেণীত পঢ়ি থকাৰ পৰাই নাটকৰ লগত জড়িত হৈ পৰিছিল ৷ অসমীয়া নাট্যজগতলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০১০ বৰ্ষত মনালিছা ভ্ৰাম্যমাণ থিয়েটাৰ বটাঁ, ২০১৪ বৰ্ষত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা নাট্য বটাঁ, ২০১৭ বৰ্ষত এনাজৰী বটাঁ, ২০১৯ বৰ্ষত অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বটাঁ একে বৰ্ষতে অসম সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা নাট্য শিৰোমণি উপাধি, আৰু স্বভাৱ শিল্পী অমুল্য কাকতি বটাঁৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানে বিভিন্ন সন্মানেৰে বিভূষিত কৰিছিল বিশিষ্ট নাট্যকাৰ গৰাকীক ৷


বিহপুৰীয়াৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি,বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ প্ৰাক্তন সভাপতি আদি বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰা সেৱাব্ৰত বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ লগতে অসম নাট্য সন্মিলনৰ বিহপুৰীয়া শাখাই দুয়োটা অনুষ্ঠানৰ পতাকা একসপ্তাহৰ বাবে অধঃনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷


ইতিমধ্যে সন্মিলিত নাট্য সমাজে বিশিষ্ট নাট্যকাৰ গৰাকাীৰ  জীৱনৰ ওপৰত এখন তথ্যচিত্ৰৰ লগতে তেৱঁৰ দ্বাৰা ৰচিত নাটকৰ এটি সংকলন প্ৰকাশ কৰাৰ পৰিকল্পনা  সদৰী কৰিছে ৷ বিশিষ্ট নাট্যকাৰ গৰাকীৰ বিয়োগত বিধায়ক দেবানন্দ হাজৰিকা,প্ৰাক্তন বিধায়ক ক্ৰমে প্ৰেমধৰ বৰা, কেশৰাম বৰা, আৰু ভুপেন কুমাৰ বৰা, অজাপৰ কেন্দ্ৰীয় উপসভাপতি হৰেণ চুতীয়া,অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি নাজিম আহমেদৰ লগতে বিহপুৰীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ক্ৰমে বিহপুৰীয়া প্ৰেছ ক্লাব, বিহপুৰীয়া শাখা সাহিত্য সভা, বিহপুৰীয়া জ্যেষ্ঠ নাগৰিক সন্থ,বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা,বিহপুৰীয়া পৌৰসভা,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা,উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থা, লখিমপুৰ জিলা সাহিত্য সভা, বিহপুৰীয়া ক্ৰীড়া সন্থা,নাটকম, সন্মিলিত বিহপুৰীয়া ক্লাব,মৌচাক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বদতি জামুগুৰি নাট্য সমাজ,জ্যোতিৰ্ময় সংঘ,ৰ'দালী ক্লাব, বিহপুৰীয়া ব্লক কংগ্ৰেছ কমিটি, মাৰোৱাৰী যুৱ মঞ্চ,বিহপুৰীয়া ব্যৱসায়ী সন্থা, প্ৰতিধ্বনি ক্লাব,অনুশীলন,ৰুদ্ৰাক্ষ,বিহপুৰীয়া মহাবিদ্যালয়,বিহপুৰীয়া জাতীয় বিদ্যালয়,লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়, এপেক্স বেংক কৰ্মচাৰী সন্থা, আমগুৰি ৰংঘৰীয়া কেন্দ্ৰ,খ'ৰাপথাৰ যুৱ সমাজ,বিজেপি ৰ বিহপুৰীয়া নগৰ মণ্ডল, লখিমপুৰৰ নাটঘৰ,নৃত্যবন,ভ্ৰাম্যমাণ কলা কুশলি মঞ্চ, লখিমপুৰ জিলা নাট্য সন্মিলন আদি জিলা খনৰ  বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ আৰু দুগৰাকী কন্যা সহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ৷ উল্লেখযোগ্য যে সেৱাব্ৰত বৰুৱাৰ অন্তিম ইচ্ছা অনুযায়ী তেৱঁৰ মৃত্যুত সমদল অথবা সোৱঁৰণি সভা অনুষ্ঠিত নকৰিবৰ বাবে তেওঁ পুৰ্বে ৰাজহুৱা ভাৱে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাইয়েই বিহপুৰীয়াবাসীয়ে তেখেতৰ নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহ যোগ বৰুৱা স্মৃতি ভৱনৰ সন্মুখত শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

নাৰায়ণপুৰ নগৰতো নাৰায়ণপুৰ ব্যৱসায়ী সন্থা,নাৰাইণপুৰ প্ৰেছ ক্লাব,বানী সংঘ,লেখিকা সমাৰোহ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সন্থা,জ্যেষ্ঠ নাগৰিক সন্থা আদি বিভিন্ন অনুষ্ঠানৰ লগতে চৌদ্ধপুনীয়াতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিশিষ্ট নাট্যকাৰ গৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সন্ধিয়া সেৱাব্ৰত বৰুৱাৰ বিহপুৰীয়াস্থিত বাসগৃহত অগণন গুণমুগ্ধৰ উপস্থিতিত  অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

ইফালে বিশিষ্ট নাট্যকাৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ২৫ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা ২ বজা পৰ্যন্ত বিহপুৰীয়া নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহপুৰীয়া নগৰ ব্যৱসায়ী সন্থাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in