শুকুৰবাৰে এছডিএফে ঘোষণা কৰিব ছিকিম বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

শুকুৰবাৰে এছডিএফে ঘোষণা কৰিব ছিকিম বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতে সমগ্ৰ দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ছিকিমত অনুষ্ঠিত হ'বলগা লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবেও ৰাজ্যখনত এতিয়া সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিৱেশৰ। ৰাজ্যখনৰ শাসক-বিৰোধীয়ে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাই নিয়াৰ লগতে দুয়োটা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগীয়া প্ৰাৰ্থী বাচনিতো সমানেই ব্যস্ত হৈ পৰিছে।

ৰাজ্যখনত বিধানসভা আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱা শাসকীয় ৰাজনৈতিক দল ছিকিম ডেমক্ৰেটিক ফ্ৰন্টৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সন্মান ভৱনত অনুষ্ঠিত এই বৈঠকতে দলটোৱে আগন্তুক দুয়োটা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নাম বাচনি কৰে। লগতে দলৰ ইস্তাহাৰ আৰু ৰণনীতি সন্দৰ্ভতো আলোচনা কৰে বৈঠকত।

বৈঠকৰ অন্তত জানিবলৈ দিয়া মতে, ছিকিম ডেমক্ৰেটিক ফ্ৰন্টে শুকুৰবাৰে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। ইতিমধ্যে দলটোৱে প্ৰাৰ্থী বাচনি সম্পন্ন কৰিছে। গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকি মুখ্যমন্ত্ৰী পৱন চামলিঙে দলৰ সদস্যসকলক নিজ নিজ সমষ্টিত নিজৰ দায়িত্ববোধেৰে কৰ্তব্য পালনৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে, অহা ১১ এপ্ৰিলত ছিকিমৰ ৩২ খন বিধানসভা আসনৰ বাবে আৰু এখন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ১৮ মাৰ্চৰ পৰা আৰম্ভ হ'ব মনোনয়ন দাখিল প্ৰক্ৰিয়া। এইবাৰ ৰাজ্যখনত ছিকিম ডেমক্ৰেটিক ফ্ৰন্ট আৰু বিজেপি–ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ মাজত হ'ব মূল প্ৰতিদ্বন্দ্বিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in